ETV Bharat / entertainment

মেট গালা 2024 ৰ ৰেড কাৰ্পেটত দেখা যাব আলিয়াক - Alia Bhatt Met Gala 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:35 PM IST

Alia Bhatt Met Gala 2024: 2023 চনত মেট গালাত আত্মপ্ৰকাশৰ পিচতে বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটক 2024 বৰ্ষৰ বছৰ মেট গালাৰ ৰেড কাৰ্পেটত দেখা যাব ৷ শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে নিউয়ৰ্কলৈ যাবলৈ মুম্বাই বিমানবন্দৰত উপস্থিত হয় ৷

Alia Bhatt Met Gala 2024
মেট গালা 2024 ৰ ৰেড কাৰ্পেটত দেখা যাব আলিয়াক (File Photo- @aliaabhatt instagram)

চিটাৰা ডেস্ক, 5 মে’ : বলীউডৰ 'গংগুবাই' খ্যাত আলিয়া ভাটক এই বৰ্ষৰ মেট গালাত দেখা যাব । আলিয়া ভাট ২০২৪ বৰ্ষৰ মেট গালাত অংশ ল’বলগীয়া ভাৰতীয় চেলিব্ৰেটীৰ মাজৰ এগৰাকী । আলিয়া ভাটে দ্বিতীয়বাৰৰ বাবে মেল গালাত উপস্থিত থাকিব ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিউয়ৰ্কলৈ যাবলৈ মুম্বাই বিমান বন্দৰত উপস্থিত হোৱা দেখা গৈছে ৷ তেওঁক মুম্বাইৰ কালিনা বিমানবন্দৰত দেখা গৈছিল ।

পাপাৰাজীয়ে আলিয়া ভাটে গাড়ীৰ পৰা নমাৰ মুহূৰ্তৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ অভিনেত্ৰীগৰাকী যোৱা নিশা তথা (৪ মে’) ত মুম্বাইৰ কালিনা বিমানবন্দৰৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিবলৈ যোৱাৰ অৱস্থাত পাপ্পাৰাজীক দেখি স্বভাৱসুলভ হাঁহি মাৰিছিল ৷ তেওঁ বগা ৰঙৰ হুডী এটা পিন্ধি আছিল ৷ তেওঁৰ চুলি পনি ষ্টাইলত বন্ধা আছিল ।

আলিয়া ভাটে ২০২৩ চনত মেট গালাত আত্মপ্ৰকাশ কৰিছিল । মেট গালাৰ বিগত বৰ্ষৰ বিষয়বস্তু আছিল- 'কাৰ্ল লেগাৰফেল্ড: এ লাইন অফ বিউটী'। এই বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি, অভিনেত্ৰীগৰাকীয়ে প্ৰবাল গুৰুঙৰ দ্বাৰা ডিজাইন কৰা এটা ধুনীয়া গ্ৰাউন পৰিধান কৰিছিল । তেওঁৰ সমগ্ৰ গ্ৰাউনটো মণিৰে সজোৱা হৈছিল ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মেটে অংশগ্ৰহণকাৰী ডিজাইনাৰসহ প্ৰায় 450 গৰাকী অংশগ্ৰহণকাৰীক আতিথ্য দিয়ে । শেহতীয়া প্ৰতিবেদন অনুসৰি, চেলিব্ৰিটী দম্পতী টেইলৰ ছুইফ্ট আৰু ট্ৰেভিছ কেলছ এই বছৰৰ মেট গালা ৰেড কাৰ্পেটত উপস্থিত থাকিব ৷

প্ৰতিবেদন অনুসৰি, লৰেণ চেঞ্চেজ, কেটলিন ক্লাৰ্ক, ছেম অল্টমেন, জেফ বেজোছ ও সহ ভালেকেইগৰাকী তাৰকা এই বৰ্ষৰ মেট গালাত উপস্থিত থাকিব । জানিব পৰা অনুসৰি, প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ কামৰ বাবে এই বৰ্ষৰ মেট গালাত উপস্থিত থাকিব নোৱাৰিব ৷

লগতে পঢ়ক : গ্ৰীষ্মকালত নিজকে শীতল কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে অনুসৰণ কৰক আলিয়া ভাটৰ এই ষ্টাইল - Alia Bhatt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.