ETV Bharat / bharat

মণিপুৰত কংগ্ৰেছৰ প্ৰচাৰ সভাত দুৰ্বৃ্ত্তৰ গুলীচালনা: প্ৰাণৰক্ষা প্ৰাৰ্থীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:59 PM IST

Firing in Manipur
কংগ্ৰেছৰ প্ৰচাৰ সভাত দুৰ্বৃ্ত্তৰ গুলীচালনা

Firing in Manipur: নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে মণিপুৰত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ কংগ্ৰেছৰ প্ৰচাৰ সভাৰ মাজতে সংঘটিত হয় ঘটনাটো ৷ অৱশ্যে গুলীচালনাত কোনোলোক হতাহত হোৱা নাই ৷

কংগ্ৰেছৰ প্ৰচাৰ সভাত দুৰ্বৃ্ত্তৰ গুলীচালনা

শিলচৰ, 19 মাৰ্চ: মঙলবাৰে মণিপুৰৰ উখৰুলত কংগ্ৰেছ দলৰ এখন ৰাজহুৱা সভাৰ সময়তে সংঘটিত হ’ল অঘটন ৷ সভা চলি থকাৰ সময়তে কেবাজনো অচিনাক্ত বন্দুকধাৰীয়ে ধাৰাসাৰ গুলীচালনা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গুলীচালনাৰ ঘটনা সংঘটিত হোৱাত প্ৰাৰ্থী আলফ্ৰেড কাংনাম আৰ্থা কোনোমতে পলাই যাবলৈ সক্ষম হয় । মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কে মেঘাচন্দ্ৰই কয় যে ঘটনাটো দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় ৷

ঘটনাটোক কঠোৰ ভাষাত গৰিহণা দি কে মেঘাচন্দ্ৰই কয় যে যদি এনে ঘটনা অব্যাহত থাকে তেন্তে ৰাজ্যখনত কেনেকৈ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব ৷ ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক দায়ী কৰি তেওঁ কয় যে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা আৰু সকলোৰে বাবে সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰাটো চৰকাৰৰ কাম । ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: শিবিৰৰ পৰাই ভোট দিব পাৰিব স্থানচ্যুত মণিপুৰৰ বাসিন্দাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.