ETV Bharat / bharat

আৰক্ষী বিষয়াক আক্ৰমণৰ সন্দৰ্ভত মণিপুৰ আৰক্ষীৰ সংবাদমেল

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:01 PM IST

Manipur Additional SP attack
মণিপুৰ আৰক্ষীৰ সংবাদমেল

Attack on Cops in Manipur: মণিপুৰত আৰক্ষী বিষয়াক আৰম্বাই টেংগলৰ সদস্যই আক্ৰমণ আৰু অপহৰণ কৰা ঘটনাৰ সন্দৰ্ভত মণিপুৰৰ জেষ্ঠ আৰক্ষী বিষয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইম্ফলত সংবাদমেল সম্বোধন কৰি দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই উক্ত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে ।

তেজপুৰ, ২৯ ফেব্ৰুৱাৰী : মণিপুৰৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আন এজন বিষয়াক আৰম্বাই টেংগলৰ সদস্যসকলে আক্ৰমণ আৰু অপহৰণৰ ২৪ ঘণ্টাৰ পিছত আজি মণিপুৰৰ জেষ্ঠ আৰক্ষী বিষয়াই মুখ খুলিছে । বৃহস্পতিবাৰে ইম্ফলত এক সংবাদমেল অনুষ্ঠিত কৰি দুই জ্যেষ্ঠ আৰক্ষী বিষয়া কে কেবিব আই জি অপাৰেচন আৰু কে জয়ন্ত আই জি প্ৰশাসনিকে এই ঘটনাত দুখ প্ৰকাশ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ সংবাদ মাধ্যমক জনায় যে ২৭ তাৰিখে ঘটনা সংঘটিত হোৱাৰ পূৰ্বে MN07-X 7682 আৰু MN01-X-7683 নম্বৰৰ দুখন এম্বেছাদৰ গাড়ী কিছু অজ্ঞাত লোকৰ দ্বাৰা উত্তৰ এ অ’ চিত অৱস্থিত চৰকাৰী তেল ডিপোৰ পৰা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে চুৰি কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । এই তথ্যৰ ভিত্তিত উক্ত বিষয়াসকল অৰ্থাৎ অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেমঅমিত সিং, পৰিদৰ্শক পি আচৌবা মেইটেই (OC-CDO/IW) আৰু অন্যান্য দলেতালাচী চলাই দুখন বাহন উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল ।

পিচত এই সন্দৰ্ভত এটা গোচৰ নং.১০৬(২)২০২৪ ইম্ফল থানাৰ অধীনত ৩৭৯এ/৪০০/৫০৬/৩৪ আইপিচি আৰু ২৪ (১-বি) অস্ত্ৰ আইন পঞ্জীয়ন কৰি তদন্ত কৰা হৈছে । উল্লেখযোগ্য যে আৰম্বাই টেংগলৰ সদস্যসকলে এই দুই আৰক্ষী বিষয়াক লক্ষ্য নিৰ্ধাৰণ কৰি বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ঘৰ আৰু সম্পত্তি আক্ৰমণ কৰে বুলি তেওঁ জনায় ।

উল্লেখযোগ্য যে অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেম অমিত সিং, এডি.এছপি (অপছ, আইডব্লিউ), পৰিদৰ্শক আৰ আচৌবা মেইটেই (অ’চি-চিডিঅ’/আইডব্লিউ)আৰু বহুতো আৰক্ষীয়ে অক্লান্তভাৱে কাম কৰি আহিছে আৰু আইন শৃংখলা ৰক্ষাৰ প্ৰচেষ্টাত অৰিহণা যোগাইছে ৷ ৰাজ্যখনৰ বিশেষকৈ ইম্ফল পশ্চিম জিলাত আইন-শৃংখলা নিশ্চিত কৰিছে ।

আৰক্ষী বিভাগে এইক্ষেত্ৰত আইন শৃংখলা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই আহিছে আৰু জনসাধাৰণৰ বাবে আবেদন জনাইছে যে আৰক্ষী বিভাগলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে । তেওঁ পুনৰ কয় যে জনসাধাৰণক অনুৰোধ জনায় যে কোনোধৰণৰ উৰাবাতৰি প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ । সংবাদমেলত জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে এই আৰম্বাই টেংগলৰ সদস্যসকলে ইয়াৰ উপৰিও সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ দৰে বহুতো অসামাজিক কামত লিপ্ত হৈছে ৷ ৰাজহুৱা/ চৰকাৰী বিষয়াৰ পৰা বাহন কাঢ়ি লোৱা, সাধাৰণ জনসাধাৰণ আৰু ব্যৱসায়ীসকলৰ পৰা ধন দাবীও কৰিছে ।

সুৰক্ষাকৰ্মীৰ পোছাক পিন্ধি জনসাধাৰণৰ পৰা ভুৱা সমৰ্থন লাভ কৰিছে আৰু তেওঁলোকে বহুতো অসামাজিক কাৰ্য্যকলাপ আৰু অপৰাধমূলক কাম কৰি আছে বুলি দাবী কৰে । তেওঁলোকে কয় যে পুলিচ হৈছে ইউনাইটেড টিম আৰু যিকোনো মানুহৰ ওপৰত যিকোনো আক্ৰমণেই হওক ইয়াক গুৰুত্বসহকাৰে লোৱা হ’ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

আনহাতে বুধবাৰে আৰক্ষীয়ে এক অভিযান চলাই বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।

লগতে পঢ়ক: অস্ত্ৰ সম্বৰণ কৰি প্ৰতিবাদ আৰক্ষী-কামাণ্ডো বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.