ETV Bharat / bharat

অস্ত্ৰ সম্বৰণ কৰি প্ৰতিবাদ আৰক্ষী-কামাণ্ডো বাহিনীৰ

Manipur ethnic clash: মণিপুৰৰ চাৰিখন জিলাত আৰক্ষী আৰু আৰক্ষীৰ কামাণ্ডো বাহিনীৰ অস্ত্ৰ সম্বৰণ ৷ নিজা বাসগৃহৰ পৰাই এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক অপহৰণ কৰাৰ পিচতেই পুনৰ জ্বলি উঠিছে মণিপুৰ ৷

Police and police commando forces protest by surrendering weapons
পুনৰ জ্বলি উঠিছে মণিপুৰ
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 4:53 PM IST

|

Updated : February 28, 2024 at 8:38 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : আৰক্ষীয়ে অস্ত্ৰ সম্বৰণ কৰা কথা শুনিছেনে কেতিয়াবা বা দেখিছেনে তেনেকুৱা দৃশ্য ? কিমান হাৰাশাস্তি আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ পিচত এই ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে ভাবি চাওক ।

Police and police commando forces protest by surrendering weapons
প্ৰতিবাদৰ ভাষা

বিগত বছৰটোতেই স্বাভাৱিক পৰিস্থিতি ব্যাহত হৈ পৰা মণিপুৰত আজিও জ্বলি আছে হিংসাৰ জুই ৷ মণিপুৰৰ চাৰিখন জিলাত বুধবাৰে মণিপুৰ আৰক্ষী আৰু আৰক্ষীৰ কামাণ্ডো বাহিনীয়ে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰা এক নজিৰবিহীন ঘটনা দেখিবলৈ পোৱা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যখনত যে এতিয়া আৰক্ষী বিষয়া বা কনিষ্টবলসকল সুৰক্ষিত নহয় সেইবাবেই আজি মণিপুৰৰ স্পৰ্শকাতৰ চাৰিখন জিলাৰ আৰক্ষীয়ে নিজৰ নিজৰ অস্ত্ৰ নমাই থৈ প্ৰতিবাদ সাব্যস্ত কৰে । মঙলবাৰে নিশা মণিপুৰ পশ্চিম জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত সিং আৰু তেওঁৰ সুৰক্ষা কৰ্মীজনক ২০০ জনীয়া অস্ত্ৰধাৰী দল এটাই বন্দী কৰি লৈ গৈছিল ৷ তাৰ পিচত তেওঁলোকক আধা বাটতে এৰি থৈ গুচি যায় ৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তাৎক্ষণিক পদক্ষেপত তেওঁক উদ্ধাৰ কৰা হয় ৷ এই ঘটনাত আৰু দুজন লোক গুৰুতৰভাৱে আহত হৈছিল ৷ জৱাহৰলাল নেহৰু চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জনাইছে ।

Police and police commando forces protest by surrendering weapons
আৰক্ষী আৰু আৰক্ষীৰ কামাণ্ডো বাহিনী

বিশেষ সূত্ৰ অনুসৰি জানিব পৰা মতে মণিপুৰৰ থোৱাল, বিষ্ণুপুৰ, ইম্ফল ইষ্ট আৰু ইম্ফল ৱেষ্ট এই চাৰিখন জিলাৰ আৰক্ষীয়ে তেওঁলোকৰ অস্ত্ৰসমূহ দীঘলীয়াকৈ নমাই থয় আৰু ইয়াৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰে ।

Police and police commando forces protest by surrendering weapons
প্ৰতিবাদৰ ভাষা

দেশক সুৰক্ষা প্ৰদান কৰা লোকেসকলেই এতিয়া সুৰক্ষিত নহয় মণিপুৰত । এই ঘটনা সন্দৰ্ভত আজি অসম ৰাইফলছৰ চাৰিটা কোম্পানীয়ে মঙলবাৰে ঘটনা সংঘটিত হোৱা জিলাখনত ফ্লেগ মাৰ্চ কৰে বুলি জানিব পৰা গৈছে । আনহাতে আজিৰে পৰা আৰম্ভ হোৱা মণিপুৰ বিধানসভা অধিবেশনত ৰাজ্যপাল অনুসূয়া উইকীয়ে তেওঁৰ ভাষণ প্ৰদান কৰি বিধানসভা মুকলি কৰে যদিও মঙলবাৰৰ ঘটনাৰ বিষয়ে উল্লেখ কৰা দেখা নগ’ল ।

লগতে পঢ়ক : উত্তপ্ত মণিপুৰ; প্ৰথমে বাসগৃহত গুলীচালনা তাৰ পিচত অতিৰিক্ত আৰক্ষী অধীক্ষকক অপহৰণ

Last Updated : February 28, 2024 at 8:38 PM IST