ETV Bharat / bharat

নাবালিকাক যৌন নিৰ্যাতন; কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে পক্সোৰ অধীনত গোচৰ

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:31 AM IST

Updated : Mar 15, 2024, 2:33 PM IST

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে পক্সোৰ অধীনত গোচৰ
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে পক্সোৰ অধীনত গোচৰ

POCSO Case Against Yediyurappa : কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে পক্সো আৰু ৩৫৪ (এ) আইপিচিৰ অধীনত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰা হৈছে ।

নিউজ ডেস্ক, ১৫ মাৰ্চ : কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বিএছ য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । বেংগালুৰুত থকা তেওঁৰ বাসগৃহত এগৰাকী নাবালিকাক হাৰাশাস্তি কৰাৰ অভিযোগত যৌন অপৰাধৰ পৰা শিশুৰ কঠোৰ সুৰক্ষা আইনৰ (পক্সো) অধীনত এই গোচৰ ৰুজু কৰা হৈছে ।

এজাহাৰ অনুসৰি, অভিযুক্তই এই অপৰাধটো ২ ফেব্ৰুৱাৰীত বেংগালুৰুত সংঘটিত হৈছিল আৰু চহৰখনৰ এখন আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰা হৈছিল । ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিএছ য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে পক্সো আৰু 354 (এ)ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।

ছোৱালীজনীৰ মাতৃয়ে অভিযোগ কৰে যে ৮১ বছৰীয়া য়েডিয়ুৰাপ্পাই ২ ফেব্ৰুৱাৰীত এখন সভাৰ সময়ত তেওঁৰ কন্যাক যৌন নিৰ্যাতন কৰিছিল ।

সদাশিৱনগৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগৰ সঁহাৰি দি য়েডিয়ুৰাপ্পাই কয়, "এগৰাকী মহিলাই মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু পক্সোৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । মই আইন অনুসৰি ইয়াৰ মোকাবিলা কৰিম । মই কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ নকৰোঁ ।"

ডলাৰ কল'নিৰ বাসভৱনত সাংবাদিকৰ সৈতে বাৰ্তালাপত তেওঁ কয়, "মই জানিব পাৰিছোঁ যে এগৰাকী মহিলাই মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । ডেৰ মাহ পূৰ্বে মাতৃ-কন্যা কান্দি কান্দি মোৰ ওচৰলৈ আহিছিল । মই তেওঁলোকক মোৰ ঘৰৰ ভিতৰলৈ আহিবলৈ কৈছিলোঁ আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে শুনিছিলোঁ । তেওঁলোকে মোক কৈছিল যে তেওঁলোকৰ সৈতে অন্যায় ব্যৱহাৰ কৰা হৈছে । পিছত মই আৰক্ষী আয়ুক্তক ফোন কৰি তেওঁলোকক ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'বলৈ কওঁ ।" তেওঁ কয় ।

য়েডিয়ুৰাপ্পাই কয় যে তেওঁ মহিলাগৰাকী আৰু তেওঁৰ কন্যাক আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ পঠিয়াইছিল । "তাৰ পিচত তেওঁলোকে মোৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰে । মই এই গোচৰটো আইনীভাৱে মোকাবিলা কৰিম । যেতিয়া আপুনি পৰোপকাৰৰ পথ লয়, তেতিয়া কি হয় তাৰ এইটো এটা উদাহৰণ । মই তেওঁলোকক টকা দিছিলোঁ, কাৰণ তেওঁলোক অসুবিধাত আছিল । অৱশ্যে বৰ্তমান ই এক বেলেগ ৰূপ লৈছে । সকলোবোৰৰ সন্মুখীন হওঁ এতিয়া ।" তেওঁ কয় ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ড সন্দৰ্ভত নিৰ্বাচন আয়োগৰ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ৰ শুনানী

Last Updated :Mar 15, 2024, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.