ETV Bharat / bharat

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ আত্মহত্যা প্ৰতিৰোধৰ বাবে বিশেষ সমিতি গঠন এনএমচিৰ - NMC on medical students suicide

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 7:30 AM IST

NMC on medical students suicide : বিগত কেইবাবছৰ ধৰি দেশত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ আত্মহত্যা বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে । সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি পৰামৰ্শ প্ৰদান কৰিবলৈ আয়োগে এখন সমিতি গঠন কৰিছে ।

NMC on medical students suicide
চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ আত্মহত্যা প্ৰতিৰোধৰ বাবে বিশেষ সমিতি গঠন এনএমচিৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ মে' : যোৱা ৫ বছৰত ১২২ তকৈ অধিক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছে । এই উদ্বেগজনক তথ্যৰ প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে । লগতে আয়োগে এই বিষয়টো পৰ্যৱেক্ষণ আৰু পৰামৰ্শ দিয়াৰ বাবে ১৫ জনীয়া এখন সমিতিও গঠন কৰিছে । এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক কয় যে ইয়াৰ সঠিক ৰূপায়ণৰ বাবে পৰামৰ্শসমূহ স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা হ'ব ।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)ৰ প্ৰাক্তন সভাপতি ডাঃ বিনয় আগৰৱালে এই সন্দৰ্ভত কয় যে সমিতিখন গঠন কৰাটো এক স্বাগতমমূলক পদক্ষেপ । এয়া সঁচাকৈয়ে উদ্বেগজনক যে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সময়তে কঠোৰ পদক্ষেপ লৈছে । তেওঁ আশা কৰিছে যে সমিতিৰ পৰামৰ্শসমূহ তৃণমূল পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব ।

ডাঃ আগৰৱালৰ মতে, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰাৰ কেইবাটাও কাৰণ আছে । চিকিৎসা ক্ষেত্ৰখন অতি প্ৰতিযোগিতামূলক । ইয়াত সীমিত আসন থাকে যাৰ বিপৰীতে বহু প্ৰাৰ্থীয়ে আবেদন কৰে । যাৰ ফলত নামভৰ্তি কৰাৰ লগে লগে বহুতো শিক্ষাৰ্থী চাপৰ সন্মুখীন হয় ।

এই চাপ বিত্তীয়, পাৰিবাৰিক আৰু অন্যান্য হ'ব পাৰে । আইএমএৰ কাৰ্যকৰী সমিতিৰ বৰ্তমানো অধ্যক্ষ হৈ থকা ডাঃ আগৰাৱালৰ মতে কৰ্তৃপক্ষই গঠন কৰা পৰামৰ্শদাতাই প্ৰাৰ্থীসকলৰ বৰ্তমানৰ স্থিতি বিবেচনা কৰা উচিত ।

উল্লেখ্য যে, এনএমচিৰ তথ্য অনুসৰি, যোৱা ৫ বছৰত দেশত প্ৰায় ১২২ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে চৰম পন্থা বাছনি কৰিছে । তাৰ ভিতৰত এমবিবিএছত ৬৪ গৰাকী আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ৫৮ গৰাকী শিক্ষাৰ্থী । এনএমচিয়ে বিষয়টোৰ ওপৰত কৰা অনলাইন জৰীপৰ পিচতে সমিতি খন গঠন কৰাৰ সিদ্ধান্ত লৈছিল ।

এনএমচিৰ দ্বাৰা আৰম্ভ কৰা জৰীপটোত, শিক্ষাৰ্থী আৰু শিক্ষকসকলে ভুগি থকা মানসিক স্বাস্থ্যৰ সমস্যাবোৰৰ বিষয়ে বিৱৰণ দাখিল কৰিছিল যাৰ ভিতৰত আছে দৈনন্দিন ব্যস্ততাকলৈ উদ্বেগ আৰু কামৰ চাপৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চাপ ।

জৰীপ অনুসৰি ৩৭,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে কৈছে যে তেওঁলোকে সম্ভাৱ্য বিপদজনক মানসিক স্বাস্থ্যৰ ৰোগত ভুগি আছে । ইফালে এনএমচিয়ে অনলাইন জৰীপৰ সময়ত কেইবাটাও পৰামৰ্শ লাভ কৰিছিল য'ত অন্তৰ্ভুক্ত আছিল আত্মহত্যা প্ৰতিৰোধ কৰিবলৈ গেট-কিপাৰ কাৰ্যসূচী আৰু দুৰ্বল শিক্ষাৰ্থীসকলক চিনাক্ত কৰা, স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে কৰ্তব্যৰ সময় নিয়ন্ত্ৰণ কৰা, শিক্ষাৰ্থীৰ বাবে উন্নত সুবিধা আৰু বন্ধুত্বপূৰ্ণ কামৰ পৰিৱেশ গঢ়ি তোলা ।

লগতে পঢ়ক :ধূলিৰ ধুমুহাত হৰ্ডিং খহি আঠজন নিহত, 60 জন আহত - MUMBAI Billboard Collapses
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.