ETV Bharat / bharat

দাবী মানি নল'লে ১৯ ফেব্ৰুৱাৰীত পঞ্জাৱ সীমান্তলৈ ৰাওনা হ'ব হাৰিয়ানাৰ কৃষক

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 12:02 PM IST

Nandgarh Barha meeting in Jind: কৃষক আন্দোলন সন্দৰ্ভত হাৰিয়ানাৰ জিন্দত নন্দগড় বৰহাৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কৃষক আন্দোলনকে ধৰি বহুতো বিষয় আলোচনা কৰা হয় । বৈঠকত সিদ্ধান্ত লোৱা হয় যে যদি চৰকাৰে কৃষকসকলৰ দাবী মানি নলয়, তেন্তে তেওঁলোকে সোমবাৰে, ১৯ ফেব্ৰুৱাৰীত পঞ্জাৱ সীমান্তলৈ ৰাওনা হ'ব ।

Nandgarh Barha meeting in Jind
দাবী মানি নল'লে ১৯ ফেব্ৰুৱাৰীত পঞ্জাৱ সীমান্তলৈ ৰাওনা হ'ব হাৰিয়ানাৰ কৃষক

নেশ্যনেল ডেস্ক,১৮ ফেব্ৰুৱাৰী: ভিন্ন দাবীৰে কৃষকসকলে দিল্লী পদযাত্ৰাৰ প্ৰস্তুতিৰ বাবে বিগত ৬ দিন ধৰি শম্ভু সীমান্তত অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । বৰ্তমানলৈ কৃষক আৰু চৰকাৰৰ মাজত তিনিটা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে যদিও বৰ্তমানলৈ সম্পূৰ্ণ সহমতত উপনীত হোৱা নাই । একে সময়তে, কৃষকসকলে যিকোনো মূল্যত দিল্লীলৈ যাত্ৰা কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । এনে সময়তে, শম্ভু সীমান্তত প্ৰতিবাদ কৰা কৃষকসকলৰ সৈতে বহুতো সংগঠনো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে ।

ইয়াৰ মাজতে কৃষক আন্দোলন সন্দৰ্ভত জুলানা চহৰৰ নতুন শস্য বজাৰত ১৭ ফেব্ৰুৱাৰী, শনিবাৰে নন্দগড় বৰাহাত এখন সভাৰ অনুষ্ঠিত কৰা হয় । সভাত কৃষকসকলক সম্বোধন কৰি হোচিয়াৰ সিং দালালে কয়, "হাৰিয়ানাৰ কৃষকসকল পঞ্জাৱৰ কৃষকসকলৰ সৈতে আছে । যদি চৰকাৰে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকত কৃষকসকলৰ দাবী মানি নলয়, তেন্তে ৰাজ্যখনৰ কৃষকসকল পঞ্জাৱ সীমান্তত উপস্থিত হ'ব । এমএচপি কৃষকসকলৰ অধিকাৰ আৰু এই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবই । চৰকাৰে কৃষকসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাটো অতি নিন্দনীয় কাৰ্য । কৃষকসকল দেশৰ মূল বিষয় । চৰকাৰে কৃষকসকলৰ দাবী যিমান সম্ভৱ সোনকালে পূৰণ কৰা উচিত ।

লগতে হোচিয়াৰ সিঙে কয় যে যদি চৰকাৰে কৃষকসকলৰ দাবী মানি নলয়, তেন্তে হাৰিয়ানাৰৰ কৃষকসকলে পঞ্জাৱৰ কৃষকসকলৰ সৈতে দিল্লী অভিমুখে যাত্ৰা কৰিব । কৃষকসকলৰ লগতে হাৰিয়ানাৰ কৃষকসকলেও আগৰ দৰে কান্ধত কান্ধ মিলাই সহযোগিতা আগবঢ়াব । উল্লেখ্য যে কৃষক আন্দোলনত ইতিমধ্যে BKU কে আদি কৰি কেইবাটাও সংগঠনে যোগদান কৰিছে । দাবী পূৰণ নকৰিলে এই আন্দোলন দীঘলীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক: কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আজি চতুৰ্থ পৰ্যায়ৰ আলোচনা: ডাঙৰ প্ৰশ্ন - কি হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.