ETV Bharat / bharat

কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক সেৱাৰ পৰা অব্যাহতি - Kejriwal PS sacked

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 12:36 PM IST

Kejriwal PS sacked
কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক সেৱাৰ পৰা অব্যাহতি

Kejriwal PS sacked: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক অপসাৰণ কৰা হয় । ভিজিলেন্স সঞ্চালকালয়ে তেওঁৰ নিযুক্তি অবৈধ আৰু ভুৱা আখ্যা দিছে । ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : সুৰা নীতি কেলেংকাৰী গোচৰত কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সন্মুখত আন এক প্ৰত্যাহ্বান । ভিজিলেন্স সঞ্চালকালয়ে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক সেৱাৰ পৰা অব্যাহতি । তেওঁৰ নিযুক্তিক অবৈধ আৰু ভুৱা বুলি অভিহিত কৰি ভিজিলেন্স সঞ্চালকালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । দুদিন পূৰ্বে ইডিয়ে বিভৱ কুমাৰক সুৰা নীতি কেলেংকাৰী গোচৰত সোধা-পোছাৰ বাবে মাতিছিল । তাৰ পাছতে ভিজিলেন্স সঞ্চালকালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে পৰিয়ালৰ উপৰিও প্ৰতিদিনে তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালত সাক্ষাৎ কৰা লোকৰ তালিকাত বিভৱৰ নামো আছে ।

দিল্লীৰ ভিজিলেন্স সঞ্চালকালয়ৰ বিশেষ সচিব ৱাইভিভিজে ৰাজশেখৰে জাৰি কৰা ৫ পৃষ্ঠাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে কুমাৰক সেৱাৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ দিয়ে । নিৰ্দেশটোত কুমাৰৰ নিযুক্তিৰ সময়ত কেন্দ্ৰীয় অসামৰিক সেৱাৰ নিয়ম উলংঘনৰ কথাও উল্লেখ কৰা হৈছে ।

বিবৃতিটোত সঞ্চালকালয়ে কৈছে যে বিভৱ কুমাৰৰ নিযুক্তিৰ বাবে নিৰ্ধাৰিত প্ৰক্ৰিয়া আৰু নিয়মবোৰ সঠিকভাৱে অনুসৰণ কৰা হোৱা নাই । সুৰা নীতি কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা ইডিয়ে সোমবাৰে কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক জেৰা কৰে । সূত্ৰৰ মতে কুমাৰৰ বিবৃতিটো মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) ব্যৱস্থাৰ অধীনত লিপিবদ্ধ কৰা হৈছে ।

ইডিৰ অভিযোগনামা অনুসৰি, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২২ চনৰ জুলাই মাহৰ ভিতৰত বিভৱৰ মোবাইল নম্বৰৰ আন্তৰ্জাতিক মোবাইল সঁজুলি পৰিচয় ৪ বাৰ সলনি কৰা হৈছে । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত সংস্থাটোৱে কেজৰিৱালৰ সচিবৰ ঘৰত ১৬ ঘণ্টা ধৰি তালাচী চলাইছিল ।

পৰৱৰ্তী সময়ত, কেজৰিৱালে 'বিদ্বেষ'ৰ দ্বাৰা নিৰ্দেশিত সংস্থাটোৰ পদক্ষেপৰ অভিযোগ তুলি ইডিক আক্ৰমণ কৰে । কুমাৰৰ ঘৰত ইডিৰ অভিযান সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ২৩ গৰাকী ইডি বিষয়াই ১৬ ঘণ্টা ধৰি অভিযান চলাইছিল । এক পুংখানুপুংখ অনুসন্ধানৰ পিচত, একো উদ্ধাৰ কৰা হোৱা নাছিল । কেজৰিৱালে ইডিৰ পদক্ষেপৰ আঁৰত 'প্ৰতিহিংসা'ৰ অভিযোগ উত্থাপন কৰি কৈছিল যে আপক ধ্বংস কৰাৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :আদালতত বিমুখ কেজৰিৱাল: গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দিয়া আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ - Kejriwal Bail Petition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.