ETV Bharat / bharat

আদালতত বিমুখ কেজৰিৱাল: গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দিয়া আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ - Kejriwal bail petition

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 4:52 PM IST

Hearing on Kejriwal Bail
Kejriwal bail petition

Kejriwal bail petition: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দিয়া আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে । মঙলবাৰে ৰায়দানৰ সময়ত আদালতে কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰি সকাহ দিবলৈ অস্বীকাৰ কৰে ।

নিউজ ডেস্ক, ৯ এপ্ৰিল: মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা আৱেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে । ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই ৰায় প্ৰদান কৰি কয় যে এই আবেদন জামিন আবেদন নহয়, কিন্তু গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা হৈছে । যেতিয়াই কোনো অভিযুক্তক চৰকাৰী সাক্ষী কৰা হয় তেতিয়াই সেয়া ন্যায়িক বিষয়াৰ কাম হৈ পৰে, তদন্তকাৰী সংস্থা ইডিৰ নহয় ।

কোন দল নিৰ্বাচনত অৱতীৰ্ণ হ’ব, কোনে ধন দিলে সেয়া বিবেচনা কৰাটো আদালতৰ কাম নহয় বুলিও কয় । কোন দলক নিৰ্বাচনী বণ্ডৰ ৰূপত কোনে ধন দিলে সেই কথা আদালতে বিবেচনা কৰিব নালাগে । কেজৰিৱালে ইচ্ছা কৰিলে সাক্ষীক ক্ৰছ এক্সাম কৰিব পাৰে । এইটো বিচাৰৰ বিষয় আৰু উচ্চ ন্যায়ালয়ৰ বিষয় নহয় ।

তদন্ত কেনেকৈ হ’ব সেইটো নিৰ্ণয় কৰাটো অভিযুক্তৰ কাম নহয়: আদালতে কয় যে তদন্তকাৰী সংস্থাই যিকোনো ব্যক্তিৰ তদন্ত কৰিব পাৰে । আমানাতুল্লাহ খানৰ এই সিদ্ধান্তৰ উদাহৰণ দি আদালতে কয় যে ৰাজহুৱা কামৰ সৈতে জড়িত ব্যক্তিকো ৰেহাই দিয়া উচিত নহয় ।

ভি চিৰ জৰিয়তে কেজৰিৱালক জেৰা কৰিব পাৰিলেহেঁতেন বুলি কৰা যুক্তি নাকচ কৰা হৈছে । তদন্ত কেনেকৈ হ’ব সেইটো নিৰ্ণয় কৰাটো অভিযুক্তৰ কাম নহয় । অভিযুক্তৰ সুবিধা অনুযায়ী এয়া হ’ব নোৱাৰে ।

আদালত আইনৰ দ্বাৰা বান্ধ খাই আছে: আদালতে আৰু কয় যে কেজৰিৱালে মাৰ্চ মাহৰ পৰা চমনক আওকাণ কৰি আহিছে । এনে পৰিস্থিতিত নিৰ্বাচনৰ কথা মনত ৰাখি গ্ৰেপ্তাৰ কৰা হৈছে বুলি ক’ব নোৱাৰি । আদালতখন ৰাজনীতিত নহয়, আইনৰ দ্বাৰা বান্ধ খাই আছে । ন্যায়াধীশসকল সংবিধানৰ দ্বাৰা বান্ধ খাই থাকে । ন্যায়পালিকাৰ কাম আইনৰ ব্যাখ্যা কৰা আৰু ইয়াত ই কাৰো পক্ষ লোৱা নাই, ৰাজনীতিৰ লগত জড়িত নহয় ।

ৰাজনৈতিক ব্যক্তিত্বৰ ক্ষেত্ৰত আদালতে কেৱল আইনৰ ওপৰত চকু দিব লাগে আৰু তাৰ বাবে ৰাজনীতিৰ প্ৰয়োজন নাই । আদালতৰ চিন্তা ৰাজনৈতিক নৈতিকতা নহয়, সাংবিধানিক নৈতিকতা । এই গোচৰতো আদালতে কেৱল আইনী তথ্যহে বিবেচনা কৰিছিল ।

২১ মাৰ্চৰ পৰা জিম্মাত থকা মুখ্যমন্ত্ৰী কেজৰিৱালে ২৩ মাৰ্চত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল কেজৰিৱালে । ৩ এপ্ৰিলত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল । ইয়াৰ পূৰ্বে ১ এপ্ৰিলত ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ আবেদন নাকচ কৰি ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।

তেতিয়াৰ পৰা তেওঁক তিহাৰ জেলত ভৰ্তি কৰা হৈছে, ৯ দিন হ’ল । অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত সুৰা নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ।

গ্ৰেপ্তাৰ কৰাৰ পিচত কি হৈছে ?

২১ মাৰ্চত কেজৰিৱালে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।

এই আবেদন ২২ মাৰ্চ অৰ্থাৎ ঠিক পিচদিনা প্ৰত্যাহাৰ কৰা হৈছিল ।

২২ মাৰ্চত ইডিয়ে ৰাউজ এভিনিউ আদালতত কেজৰিৱালক হাজিৰ কৰিছিল ।

২৮ মাৰ্চৰ ভিতৰত আদালতে কেজৰিৱালক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে ।

ৰাউজ এভিনিউ আদালতে এই ৰিমাণ্ড ১ এপ্ৰিললৈকে বৃদ্ধি কৰে ।

১ এপ্ৰিলত আদালতে কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

২৩ মাৰ্চত কেজৰিৱালে গ্ৰেপ্তাৰ-ৰিমাণ্ডৰ বিৰুদ্ধে দিল্লী উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।

২৭ মাৰ্চত উচ্চ ন্যায়ালয়ে ইডিক জাননী জাৰি কৰি ২ এপ্ৰিলৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰিছিল ।

৩ এপ্ৰিলৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত সংৰক্ষণ কৰি ৯ এপ্ৰিলৰ তাৰিখ দিছিল ।

কিয় গ্ৰেপ্তাৰ হ’ল কেজৰিৱালক: ইডিয়ে তদন্তৰ অন্তত স্বীকাৰ কৰিছে যে দিল্লীত সুৰা কেলেংকাৰী সংঘটিত হৈছে । এই গোচৰত কেজৰিৱালক অভিযুক্ত কৰা হৈছিল । গ্ৰেপ্তাৰ কৰাৰ আগতে ৯ বাৰ চমন প্ৰেৰণ কৰিছিল । এই চমন ১৭ মাৰ্চ, ২৭ ফেব্ৰুৱাৰী, ২৬ ফেব্ৰুৱাৰী, ২২ ফেব্ৰুৱাৰী, ২ ফেব্ৰুৱাৰী, ১৭ জানুৱাৰী, ৩ জানুৱাৰী আৰু ২০২৩ চনত ২১ ডিচেম্বৰ আৰু ২ নৱেম্বৰত প্ৰেৰণ কৰা হৈছিল । ইডিৰ চমনক কেজৰিৱাল এবাৰো গুৰুত্ব দিয়া নাছিল । ২১ মাৰ্চত ইডিৰ দলটোৱে দশম চমন আৰু চাৰ্চ ৱাৰেণ্ট লৈ কেজৰিৱালৰ ঘৰত উপস্থিত হয় । সেইদিনাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক: দিল্লীক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে : আপৰ বিধায়ক - DELHI CM ARVIND KEJRIWAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.