ETV Bharat / bharat

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 1:11 PM IST

Fight between students in JNU
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

Fight between students in JNU: জেএনইউ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি সাধাৰণ সভা চলি থকাৰ মাজতে এই ঘটনা । ঘটনাত কেইবাগৰাকী শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত ।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

নেশ্যনেল ডেস্ক, ১ মাৰ্চ : নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পুনৰ এক হিংসাত্মক ঘটনা পোহৰলৈ আহিছে । বৃহস্পতিবাৰে নিশা নিৰ্বাচন সমিতিৰ সদস্য বাছনিৰ বাবে স্কুল অৱ লেংগুৱেজত সাধাৰণ সভা চলি আছিল । বৈঠকৰ সময়ত, বাওঁপন্থী গোটে এবিভিপি প্ৰাৰ্থীক মঞ্চৰ পৰা কথা কোৱাত বাধা প্ৰদান কৰিছিল । যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ দলটোৰ মাজত তৰ্ক-বিতৰ্ক হয় ।

বাওঁপন্থী আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শিক্ষাৰ্থীসকলৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত হয় । দুয়োটা ফৈদৰে শিক্ষাৰ্থীৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাও দেখা যায় । সম্প্ৰতি এই ঘটনা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

বাওঁপন্থীৰ শিক্ষাৰ্থীসকলে এবিভিপিৰ শিক্ষাৰ্থীসকলৰ গুণ্ডামি বুলি বৰ্ণনা কৰিছে । অভিযোগ কৰা মতে এবিভিপিৰ শিক্ষাৰ্থীসকলে তেওঁলোকক প্ৰথমে প্ৰহাৰ কৰিছিল আৰু লাঠি আৰু আন সামগ্ৰীৰে তেওঁলোকক আক্ৰমণ কৰিছিল । একে সময়তে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শিক্ষাৰ্থীসকলেও বাওঁপন্থীৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে দুয়োপক্ষৰ পৰা অভিযোগ লাভ কৰিছে । এই অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । খবৰ অনুসৰি এই ঘটনাত কেইবাগৰাকী আঘাতপ্ৰাপ্ত হৈছে । আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক ওচৰৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি জেএনইউত ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, যাৰ অধীনত সাধাৰণ সভাৰো আয়োজন কৰা হৈছে ।

এনে পৰিস্থিতিত বিশ্ববিদ্যালয়খনত হোৱা এই ঘটনাই ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে । সচৰাচৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সময়ত জেএনইউ বিশ্ববিদ্যালয়ত এই ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায় । অৱশ্যে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনত ছাত্ৰৰ এনে আচৰণে বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

লগতে পঢ়ক :চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.