ETV Bharat / bharat

চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 12:49 PM IST

Bomb threats to Tamil Nadu secretariat: চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুষ্ট চক্ৰৰ ৷ শুকুৰবাৰৰ পুৱা 7.30 বজাত এটা ব্যক্তিগত টেলিভিছন ফোনযোগে দুষ্ট চক্ৰই এই ভাবুকি প্ৰদান কৰে ৷ স্নিফাৰ ডগৰ দ্বাৰা তালাচী চলোৱা হৈছে চেন্নাই সচিবালয়ৰ বিভিন্ন অংশত ।

bomb threats
চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

নেশ্যনেল ডেস্ক, 1 মাৰ্চ : চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে কোনো দুৰ্বৃত্তই ৷ শুকুৰবাৰৰ পুৱা 7.30 বজাত এটা ব্যক্তিগত টেলিভিছনৰ কাৰ্যালয়লৈ ফোনযোগে এই ভাবুকি প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷ ভাবুকিপূৰ্ণ ফোন কল লাভ কৰাৰ পিচত সমগ্ৰ মুখ্য কাৰ্যালয়তে স্নিফাৰ ডগৰ দ্বাৰা তালাচী চলোৱা হৈছে ।

শুকুৰবাৰৰ পুৱা কোনো দুৰ্বৃত্তই চেন্নাইৰ এটা ব্যক্তিগত টেলিভিছন ষ্টেচনলৈ ফোন কৰি সচিবালয়ত বোমা ৰখাৰ ভাবুকি দি ফোনটো কাটি দিয়ে । ইয়াৰ পিচতে ব্যক্তিগত টেলিভিছন কৰ্তৃপক্ষই এই বিষয়ে আৰক্ষীক অৱগত কৰে । ইয়াৰ পিচতে সচিবালয়ৰ মুখ্য কাৰ্যালয়ত স্নিফাৰ ডগ, বোমা বিশেষজ্ঞ আৰু বোমা ধৰা পেলোৱা সঁজুলি ব্যৱহাৰ কৰি পৰীক্ষা কৰা হৈছে ।

bomb threats
চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

ইয়াৰোপৰি, চেন্নাই মুখ্য সচিবালয়ত স্নিফাৰ ডগৰ সহায়ত মন্ত্ৰী কক্ষ, বিষয়াৰ কক্ষ, বিধানসভা হল, পাৰ্কিঙকে ধৰি সকলো অঞ্চল বোমা বিশেষজ্ঞই পৰীক্ষা কৰি আছে । সহকাৰী আয়ুক্তৰ নেতৃত্বত বিভিন্ন দলে তন্ন তন্নকৈ সমগ্ৰ মুখ্য কাৰ্যালয়টো পৰীক্ষা কৰি আছে । বোমাৰ ভাবুকি সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

কিছুদিন পূৰ্বে চেন্নাইৰ 13 খন ব্যক্তিগত বিদ্যালয়লৈ বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল, এতিয়া চেন্নাইৰ মুখ্য সচিবালয়লৈ বোমাৰ ভাবুকি প্ৰেৰণ কৰা ঘটনাই আশংকাৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণ ৰাইজৰ মনত ।

আনহাতে, কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত বিগত বৰ্ষৰ 1 ডিচেম্বৰৰ দিনা বেংগালুৰুৰ বিভিন্ন অঞ্চলৰ প্ৰায় 15 খন বিদ্যালয়লৈ বোমা বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰে ৷ বিদ্যালয়কেইখনৰ প্ৰশাসনিক বিষয়ালৈ প্ৰেৰণ কৰে ভাবুকি ভৰা ই-মেইল ৷

বাসৱেশ্বৰ নগৰ নেশ্যনেল, বিদ্যাশিল্প, এন পি এছ, কাৰ্মেল স্কুল আৰু হেব্বাগোডীৰ এবেনিজাৰকে ধৰি 15 খন বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ভাবুকিমূলক বাৰ্তা ৷

লগতে পঢ়ক: বোমাৰে উৰুৱাই দিয়া হ’ব বেংগালুৰুৰ 15 খন বিদ্যালয়; ই-মেইল যোগে প্ৰেৰণ ভাবুকি বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.