ETV Bharat / bharat

৫ বছৰৰ বাবে বৃদ্ধি জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:09 PM IST

৫ বছৰৰ বাবে বৃদ্ধি জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা
৫ বছৰৰ বাবে বৃদ্ধি জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা

Jamaat-e-Islami : কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ জামাত-ই-ইছলামী সংগঠনৰ ওপৰত নিষেধাজ্ঞা ৫ বছৰৰ বাবে বৃদ্ধি কৰিছে ৷ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ২০১৯ চনৰ মাৰ্চ মাহত এই সংগঠনটোক ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল ।

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰত জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞা পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে বুলিও ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । লগতে গৃহমন্ত্ৰী অমিত শ্বাহে জামাত-ই-ইছলামী সন্দৰ্ভত কয় যে সন্ত্ৰাসবাদ কেতিয়াও সহ্য কৰা নহ’ব।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ২০১৯ চনত এই সংগঠনটো নিষিদ্ধ কৰাৰ পিচত এইবাৰ এই সিদ্ধান্ত লোৱা হৈছে ৷ চৰকাৰে ইয়াৰ কাৰ্যকলাপক উদ্বেগ প্ৰকাশ কৰিছে যিবোৰ জাতিটোৰ নিৰাপত্তা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে ই ক্ষতিকাৰক বুলি গণ্য কৰিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰে যে এই নিষেধাজ্ঞা বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীৰ সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সৈতে মিল আছে । শ্বাহে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ নীতি অনুসৰণ কৰি চৰকাৰে জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে । সংগঠনটোৱে জাতিটোৰ নিৰাপত্তা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে নিজৰ কাৰ্যকলাপ অব্যাহত ৰখা দেখা গৈছে।"

জামাত-ই-ইছলামীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যত জড়িত থকাৰ অভিযোগৰ বাবেই ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ‘অবৈধ সংঘ’ ঘোষণা কৰা হৈছিল । জাতিটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো সত্বা বা ব্যক্তিৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

উল্লেখ্য যে, জামাত-ই-ইছলামী প্ৰতিষ্ঠা হৈছিল ১৯৪১ চনত । ইছলামিক ধৰ্মতত্ববিদ মৌলানা আবুল আলা মৌদুদিয়ে জামাত-ই-ইছলামী গঠন কৰিছিল । মুছলিম ব্ৰাদাৰহুডৰ লগতে জামাত-ই-ইছলামী এই ধৰণৰ প্ৰথমটো সংগঠন আছিল ৷ যিয়ে ইছলামৰ মতাদৰ্শৰ ওপৰত কাম আৰম্ভ কৰিছিল ।

কিন্তু ১৯৪৭ চনত বিভাজনৰ পিচত এই সংগঠনটো বিভাজিত হৈ পৰে । য’ত আছিল জামাত-ই-ইছলামী পাকিস্তান আৰু জামাত-ই-ইছলামী হিন্দ ।

লগতে পঢ়ক : ৰাছিয়াৰ ভাৰাতীয়া সেনাত নিযুক্ত কাশ্মীৰৰ যুৱক, পুত্ৰক স্বদেশলৈ ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.