ETV Bharat / bharat

ৰাছিয়াৰ ভাৰাতীয়া সেনাত নিযুক্ত কাশ্মীৰৰ যুৱক, পুত্ৰক স্বদেশলৈ ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান পৰিয়ালৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:52 PM IST

Kashmiri man fighting for Russian
ৰাছিয়াৰ ভাৰাতীয়া সেনাত নিযুক্ত কাশ্মীৰৰ যুৱক

Kashmiri man fighting for Russian: শেহতীয়াকৈ ৰাছিয়াৰ ভাৰাতীয়া সেনা বাহিনীত অন্তৰ্ভুক্ত হৈছে কাশ্মীৰৰ যুৱক আজাদ ইউছুফ কুমাৰ । ইউক্ৰেইন সেনাৰ গুলীত আহত আজাদ । ৰাছিয়া সীমান্তত আবদ্ধ হৈ থকা আজাদক স্বদেশলৈ ঘূৰাই আনিবলৈ পৰিয়ালটোৱে চৰকাৰক আহ্বান জনাইছে । এই সন্দৰ্ভত মীৰ ফাৰহাটৰ এক বিশেষ প্ৰতিবেদন ।

নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে । একাংশ দেশে মুকলিভাৱে যুদ্ধৰ প্ৰতি সঁহাৰি দিছে যদিও ভাৰত চৰকাৰে ৰাছিয়া বা ইউক্ৰেইনক সমৰ্থন কৰাৰ কোনো স্পষ্ট ইংগিত দিয়া নাই । কিন্তু এগৰাকী কাশ্মীৰী যুৱকে এই যুদ্ধত ৰাছিয়াৰ হৈ যুঁজ দিয়াৰ কথা আপুনি ভাবিব পাৰেনে ? হয়তো কোনেও বিশ্বাস কৰিব নোৱাৰিব যে ভাৰতৰ কাশ্মীৰী যুৱকে ৰাছিয়াৰ ভাৰাতীয়া সেনাত যোগদান কৰিছিল । যি এতিয়া জীৱন সংগ্ৰাম কৰি আছে । এই খবৰ পোৱাৰ পিচতে যুৱকজনৰ পৰিয়াল উদ্বিগ্ন হৈ পৰিছে । পুত্ৰক সহায় কৰাৰ লগতে স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহায় বিচাৰিছে যুৱকজনৰ পৰিয়ালটোৱে ।

পুলৱামা জিলাৰ ট্ৰালৰ পোছৱান গাঁৱৰ ৪ মহীয়া শিশুৰ পিতৃ ৩১ বছৰীয়া আজাদ ইউছুফ কুমাৰ বহু ভাৰতীয়ৰ সৈতে ৰাছিয়াৰ সীমান্তত আবদ্ধ হৈ আছে । কিন্তু পৰিয়ালটোৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন কৰিব পৰা নাই ।

আজাদৰ পৰিয়ালৰ মতে মুম্বাইৰ ইউটিউবাৰ ফৈজল খানে তেওঁক প্ৰলোভিত কৰিছিল । খানৰ এটা ইউটিউব চেনেল আছে যাক বাবা ব্লগছ বুলি জনা যায় । চেনেলটোৰ জৰিয়তে আজাদক ডুবাইত নিযুক্তি দিয়াৰ প্ৰলোভন দিয়া হৈছিল । ইউটিউব চেনেলটোৱে ভাৰতীয় যুৱক-যুৱতীসকলক চাকৰিৰ বাবে বিদেশলৈ লৈ যোৱাৰ বাবে এক পৰামৰ্শমূলক ভিডিঅ' প্ৰস্তুত কৰিছিল ।

যোৱা বছৰৰ ডিচেম্বৰত আজাদে তেওঁৰ পৰিয়ালক ডুবাইত নিযুক্তিৰ সুযোগ সম্পৰ্কে কৈছিল আৰু তেওঁ বিদেশলৈ উৰা মাৰিছিল । কিন্তু আজাদে গম পোৱা নাছিল যে তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ ৰাছিয়াত ভাৰাতীয়া সেনা হিচাপে যোগদান কৰিব । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘ সময় ধৰি যুদ্ধ চলি আছে । দুয়োখন দেশে তেওঁলোকৰ সেনা বাহিনীক সহায় কৰিবলৈ ভাৰাতীয়া সেনা নিয়োগ কৰিছে ।

আজাদৰ ভাতৃ চাজাদ আহমেদ কুমাৰে ইটিভি ভাৰতক জনোৱা মতে তেওঁৰ ভাতৃ আজাদে যোৱা বছৰ ডিচেম্বৰত ঘৰৰ পৰা ওলাই গৈছিল । ১৪ ডিচেম্বৰত তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল আৰু কৈছিল যে তেওঁ ডুবাইত আছে । আজাদে পৰিয়ালটোক কোৱা নাছিল যে তেওঁ ৰাছিয়াত নিযুক্তিৰ বাবে আবেদন কৰিছে আৰু তেওঁ তালৈ গৈছে । ভাতৃৰ মতে তেওঁলোকে এই কথা জনা হ'লে কেতিয়াও আজাদক যুদ্ধবিধ্বস্ত ৰাছিয়ালৈ যোৱাৰ অনুমতি নিদিলেহেঁতেন । চাজাদে কোৱা মতে তেওঁলোকে সামাজিক মাধ্যম আৰু কলিং এপৰ জৰিয়তে আজাদৰ সৈতে যোগাযোগ কৰিছিল ।

ভাতৃ চাজাদে লগতে কয় যে কিছুদিন পূৰ্বে আজাদে পৰিয়ালটোক কৈছিল যে ইউক্ৰেইন সেনাই তেওঁৰ ভৰিত গুলীয়াইছিল । যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল । আজাদ আৰু অন্যান্য ভাৰতীয়সকল ৰাছিয়া আৰু ইউক্ৰেইন সীমান্তত আছে আৰু জীৱন যুঁজ অব্যাহত ৰাখিছে । চাজাদে উল্লেখ কৰা মতে পৰামৰ্শদাতা এজেণ্টে তেওঁলোকক ৰাছিয়াত থকা চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ কৈছিল ।

আজাদে কিছু বছৰ পূৰ্বে ডুবাইত কাম কৰিছিল আৰু দুবছৰ পূৰ্বে ঘৰলৈ উভতি আহিছিল । তাৰ পিচত তেওঁ গাঁৱতে শ্ৰমিক হিচাপে কাম কৰি আছিল । তেওঁৰ মাতৃ তথা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কান্দোনত ভাগি পৰা পৰিয়ালটোক চুবুৰীয়াসকলে সান্ত্বনা দিয়াৰ চেষ্টা কৰিছে । ইফালে পৰিয়ালটোৱে ভাৰত চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক যুদ্ধবিধ্বস্ত দেশত থকা পুত্ৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে ।

মাতৃয়ে ইটিভি ভাৰতক কৈছে, "ৰাছিয়া ক'ত আছে মোৰ কোনো ধাৰণা নাই । যাৰ নাম মই কেতিয়াও শুনা নাই সেই দেশৰ সৈতে মোৰ পুত্ৰৰ কি সম্পৰ্ক আছে নাজানো । মই প্ৰধানমন্ত্ৰী মোদীক মোৰ পুত্ৰক ঘৰলৈ ঘূৰাই অনাত সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"

ইফালে স্থানীয় আৰক্ষী বিষয়াসকলেও আজাদৰ পৰিয়ালটোৰ সৈতে যোগাযোগ ৰাখিছে । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে আজাদ কুমাৰে কামৰ বাবে ৰাছিয়ালৈ উৰা মাৰিছিল বুলি তেওঁলোকৰ হাতত কোনো তথ্য নাছিল । সংবাদ মাধ্যমৰ জৰিয়তেহে তেওঁ জানিব পাৰিছিল । এই সন্দৰ্ভত সোধা-পোছাৰ বাবে পৰিয়ালটোক মাতি পঠিওৱা হৈছে ।

জানিব পৰা মতে কুপৱাৰা জিলাৰ কাৰ্ণাৰ হাঞ্জিনাৰ গাঁৱৰ জহুৰ আহমেদ নামৰ আন এজন যুৱকো আজাদৰ দৰে বাবা ব্লগছ ইউটিউব চেনেলটোৰ প্ৰলোভনৰ চিকাৰ হৈছে উল্লেখ্য যে গুজৰাট, কৰ্ণাটককে ধৰি আন ৰাজ্যৰ বহু ভাৰতীয় যুৱক-যুৱতীক ৰাছিয়াৰ সেনাৰ নিৰাপত্তা সহায়ক হিচাপে নিয়োগ কৰা হৈছে বুলি খবৰ ওলাইছিল । যাক ৰাছিয়া-ইউক্ৰেইন সীমান্তত ইউক্ৰেইন সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ বাধ্য কৰোৱা হৈছিল ।

শ্ৰমিকসকলে অভিযোগ কৰা মতে ৰাছিয়ান চৰকাৰে তেওঁলোকৰ পাছপোৰ্ট আৰু ভিছা কাঢ়ি লৈছে । যাৰ বাবে তেওঁলোকে ঘৰলৈ ঘূৰি আহিব পৰা নাই । এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়েও ২৫ জানুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ এই ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে পত্ৰযোগে আহ্বান জনাইছিল ।

ইয়াৰ প্ৰত্যুত্তৰত ২৩ ফেব্ৰুৱাৰীত মুখপাত্ৰ ৰণধীৰ জৈশৱালে এক বিবৃতিত কৈছিল যে চৰকাৰ অৱগত যে কেইজনমান ভাৰতীয় নাগৰিকে ৰাছিয়াৰ সেনাক সমৰ্থনৰ বাবে স্বাক্ষৰ কৰিছে । ভাৰতীয় দূতাবাসে তেওঁলোকৰ আগতীয়া ডিচচাৰ্জৰ বাবে সংশ্লিষ্ট ৰাছিয়ান কৰ্তৃপক্ষৰ ওচৰত নিয়মীয়াকৈ এই বিষয়টো গ্ৰহণ কৰিছে । চৰকাৰে সকলো ভাৰতীয় নাগৰিকক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু এই সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :জ্ঞানবাপী মন্দিৰৰ ব্যাসজীৰ বেছমেন্টত পূজা কৰাৰ অনুমতি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.