ETV Bharat / bharat

চিবিএছই-ৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত ফলাফল ঘোষণা : প্ৰয়াগৰাজত সৰ্বনিম্ন ফলাফল - CBSE BOARD RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 2:24 PM IST

CBSE 10th and 12th Result 2024 : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ই-এ সোমবাৰে ঘোষণা কৰে দশম-দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ এই ফলাফলৰ ক্ষেত্ৰত তিৰুৱনন্তপুৰমে দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ৷ আনহাতে, সৰ্বনিম্ন ফলাফলৰ তালিকাত আছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ৷

CBSE BOARD RESULTS 2024
চিবিএছইৰ ফলাফল (Etv Bharat Uttar Pradesh)

নেশ্যনেল ডেস্ক, 13 মে’ : সোমবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ই ব’ৰ্ডে প্ৰকাশ কৰে দশম-দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । ব’ৰ্ডে প্ৰকাশ কৰা এই তালিকাত দেশৰ ১৭ টা মণ্ডলৰ ফলাফল সন্নিৱিষ্ট হৈ আছে ৷ এই ফলাফলৰ তালিকাৰ নিম্নস্থানত আছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ নাম ৷

উল্লেখ্য় যে, প্ৰয়াগৰাজ অঞ্চলত ২.৫ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে মাত্ৰ ৭৮.২৫% ছাত্ৰ-ছাত্ৰীয়েহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ বিপৰীতে তালিকাৰ শীৰ্ষস্থান দখল কৰে তিৰুৱনন্তপুৰমে ৷ এই মণ্ডলৰ ৯৯.৯১% শিশুৱে পৰীক্ষাত উত্তীৰ্ণ হয় ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল চি বি এছ ই-ৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাসমূহ । এই পৰীক্ষা সমাপ্ত হৈছিল ২ এপ্ৰিলত । আনহাতে, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হৈছিল ব’ৰ্ডখনৰ দশম শ্ৰেণীৰ পৰীক্ষাসমূহ ।

প্ৰয়াগৰাজ মণ্ডলৰ পৰা পোৱা তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ মুঠ ২২৯৮ খন বিদ্যালয়ক চি বি এছ ই ব’ৰ্ডে স্বীকৃতি প্ৰদান কৰিছে । তদুপৰি ৰাজ্যখনৰ প্ৰায় ৬৫০ খন বিদ্যালয়ক ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । য’ত হাইস্কুল আৰু ইণ্টাৰমিডিয়েটকে ধৰি মুঠ ৪ লাখৰো অধিক শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় । কেৱল ইণ্টাৰমিডিয়েটত পৰীক্ষাতে ২.৫ লাখতকৈ অধিক শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

ইফালে লক্ষ্ণৌৰ ২২০ খনতকৈও অধিক বিদ্যালয়ক চি বি এছ ই ব’ৰ্ডে দিছে স্বীকৃতি । ৰাজধানী চহৰখনৰ ৩৭ খন বিদ্যালয়ক হাইস্কুল আৰু ইণ্টাৰমিডিয়েট ব’ৰ্ড পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ৷ য’ত প্ৰায় ৪২,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা অৱতীৰ্ণ হয় ।

তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰৰ দিনটোতে ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল ৷ পূৰ্বৰ দৰে এইবাৰো চি বি এছ ই ব’ৰ্ডে হাইস্কুল আৰু ইণ্টাৰমিডিয়েট ব’ৰ্ড পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা প্ৰতিযোগিতাৰ মনোভাৱ আতৰাবলৈ মেধাৰ তালিকা ঘোষণা কৰা নাই ।

লগতে পঢ়ক: অসম জাতীয় বিদ্যালয়ৰ ফলাফল সন্তোষজনক : ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.