ETV Bharat / bharat

ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ - Arvind Kejriwal arrested

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 1:29 PM IST

Kejriwal Withdraw Plea from SC : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কৰিছে ৷ কেজৰিৱালৰ অধিবক্তাই উল্লেখ কৰে এই কথা ।

উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ
উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ

নিউজ ডেস্ক, ২২ মাৰ্চ : দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীত প্ৰৱৰ্তন সঞ্চালকালয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কৰিছে কেজৰিৱালে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এই কথা জনায় ।

কেজৰিৱালক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভি আৰু অধিবক্তা শদান ফাৰাছাটে ন্যায়াধীশ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত কয় যে তেওঁলোকৰ মক্কেলে উচ্চতম ন্যায়ালয়ত কৰা আবেদনখন প্ৰত্যাহাৰ কৰিছে । কিয়নো ই ৰিমাণ্ডৰ সৈতে সংঘাতত আছে । সিংভিয়ে কয় যে তেওঁৰ মক্কেলে এই আবেদন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে আৰু উক্ত ৰিমাণ্ডৰ বিৰুদ্ধে যুঁজ দিব আৰু তাৰ পিচতহে শীৰ্ষ আদালতলৈ ঘূৰি আহিব ।

তেওঁ লগতে কয় যে প্ৰথমতে নিম্ন আদালত, নাইবা উচ্চ আদালত অন্যথা শীৰ্ষ আদালতলৈ যাব । আনহাতে, ন্যায়াধীশ খান্নাই অধিবক্তাক কয় যে আপোনালোক তালৈ যাব পাৰে, ইয়াত থকাৰ কোনো প্ৰয়োজন নাই । সিংভিয়ে কয় যে তেওঁ ৰেজিষ্ট্ৰীলৈ এখন পত্ৰ দিব আৰু লগতে কয় যে তেওঁ এই কথা উল্লেখ কৰিছে, যাতে আদালতৰ বাবে সুবিধাজনক হয় ।

ইফালে ফাৰাছাটে ইটিভি ভাৰতক কয় যে তেওঁলোকে শুকুৰবাৰে বিচাৰ আদালতৰ সন্মুখত ৰিমাণ্ড পৰ্যায়ত বিতৰ্ক কৰিব ।ইয়াৰ পূৰ্বে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে আবকাৰী নীতি সম্পৰ্কীয় ধন আত্মসাতৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে কেজৰিৱালৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয় ।

কেজৰিৱালৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত জৰুৰী তালিকাভুক্তিৰ বাবে বিষয়টো উল্লেখ কৰে । ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ আদালতত এখন বিশেষ তিনিজনীয়া বিচাৰপীঠ আহ্বান কৰা হৈছে আৰু সিংভিয়ে উক্ত বিচাৰপীঠৰ সন্মুখত বিষয়টো উল্লেখ কৰিব পাৰে ।

সিংভি তেতিয়া খৰধৰকৈ ন্যায়াধীশ খান্নাৰ আদালতলৈ যায় । কিন্তু ন্যায়াধীশ এম এম সুন্দৰেশ আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত বিশেষ তিনিজনীয়া বিচাৰপীঠ, যিয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই বিআৰএছ নেতা কে কবিতাৰ আবেদন আৰু ধন আত্মসাত প্ৰতিৰোধ আইনৰ (পিএমএলএ) ব্যৱস্থাৰ শুনানিৰ বাবে একত্ৰিত হৈছিল, সেয়া ভংগ হয় ।

ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সিংভিক কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গোচৰৰ শুনানিৰ বাবে তিনিজনীয়া বিচাৰপীঠ একত্ৰিত হ'ব ।

উল্লেখ্য যে ইডিৰ এটা 12 জনীয়া দলে উত্তৰ দিল্লীৰ চিভিল লাইনছত থকা বাসগৃহত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । উচ্চ ন্যায়ালয়ে তেওঁক আবকাৰী নীতি সম্পৰ্কীয় ধন আত্মসাতৰ গোচৰত বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিচতে ইডি আম আদমি পাৰ্টীৰ (আপ) মুৰব্বীগৰাকীৰ বাসগৃহত উপস্থিত হয় ।

কেজৰিৱালে পূৰ্বতে গোচৰটো সন্দৰ্ভত সংস্থাটোৱে জাৰি কৰা একাধিক চমন এৰাই চলিছিল ।

লগতে পঢ়ক :কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শুকুৰবাৰে আপৰ দেশজোৰা প্ৰতিবাদ; ইণ্ডিয়া ব্লকক যোগদানৰ আহ্বান - Protest Against Kejriwals Arrest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.