ETV Bharat / bharat

NRC ত নাম নথকা অসমৰ 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ কি হ’ব ? প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

author img

By ANI

Published : Mar 16, 2024, 12:40 PM IST

Owaisi On CAA Notification: NRC তালিকাৰ পৰা নাম বাদ পৰা অসমৰ 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ ভৱিষ্যতক লৈ চিন্তিত সাংসদ তথা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰে AIMIM ৰ মুৰব্বীগৰাকীয়ে ৷

What about 1.5 lakh unlisted Muslims in Assam ? Owaisi on CAA implementation
প্ৰসংগ কা: হিমন্ত বিশ্বক উদ্দেশ্যি প্ৰশ্ন উত্থাপন AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ

নেশ্যনেল ডেস্ক, 16 মাৰ্চ: ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাৰ পৰা বাদ পৰা বুলি অভিযোগ উত্থাপন হোৱা 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰে লোকসভাৰ সাংসদ তথা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰই সমগ্ৰ দেশতে CAA ৰ অধিসূচনা প্ৰকাশ কৰাৰ কিছুদিন পিছতে শুকুৰবাৰে হায়দৰাবাদত এখন ৰাজহুৱা সভাত ভাষণ দি ওৱেইচিয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এন আৰ চিত নাম নথকা 12 লাখ হিন্দুক ৰাজ্যখনত CAA ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব । কিন্তু 1.5 লাখ মুছলমান সন্দৰ্ভত কি ক'ব ?"

এন আৰ চিৰ তালিকাৰ পৰা আঁতৰি থকা মুছলমানসকলক 1962 অথবা 1951 চনৰ পৰা বিদেশী ন্যায়ালয়ত নিজৰ বংশৰ সন্ধান কৰি নিজৰ বংশ প্ৰমাণ কৰিবলৈ কোৱা হ’ব বুলিও ওৱেইছিয়ে কয় ।

এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে কয় যে, "তেওঁলোকক সোধা হ'ব যে তেওঁলোক 1962 চনত আহিছিল নে 1951 চনত । তেওঁলোকক নথি-পত্ৰ আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ কোৱা হ'ব । বাদ পৰা 1.5 লাখ মুছলমানক বিদেশী ন্যায়াধিকৰণত ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কোৱা হ'ব । বিজেপিয়ে আশ্বাস প্ৰদান কৰিছে যে তৎক্ষণাত একো নহ'ব । মই তেওঁলোকক ক'ব বিচাৰো, যে কথাবোৰ পোহৰলৈ আহিবলৈ সময় লাগে ।"

CAA ৰ পিছত এন আৰ চি আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এন পি আৰ) ও আহিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱা কথাষাৰ ওৱেইছিয়ে পুনৰ আঙুলিয়াই দিয়ে ৷ AIMIM ৰ মুৰব্বীগৰাকীয়ে কয়, "উচ্চতম ন্যায়ালয়ে চৰকাৰক অসমত এন আৰ চি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল । 1600 কোটি টকা ব্যয় কৰাৰ পিছত এন আৰ চি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত প্ৰকাশ হৈছিল । ইয়াৰ পৰা বাদ পৰিছিল 19 লাখ ব্যক্তিৰ নাম । ইয়াৰে 10-12 লাখ হিন্দু আৰু 10.5 লাখ মুছলমান আছিল ।"

ওৱেইছিয়ে অৱশ্যে কয়, "চুবুৰীয়া দেশৰ পৰা অহা নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ ধাৰণাটো সমৰ্থনযোগ্য ৷ কিন্তু তাৰ বাবে অনুসৰণ কৰা পদ্ধতি ধৰ্মৰ ভিত্তিত হ’ব নালাগে ।"

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ কিছুদিন পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইন (কা) ৰূপায়ণৰ বাবে নিয়মাৱলীৰ বিষয়ে অৱগত কৰে ।

কেন্দ্ৰই প্ৰৱৰ্তন কৰা আৰু 2019 চনত সংসদে গৃহীত কৰা CAA নিয়মৰ লক্ষ্য হৈছে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টানকে ধৰি নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা ।

লগতে পঢ়ক: কা'ৰ জড়িয়তে কিমান বাংলাদেশী আনিব ? বিপৰীতমুখী বক্তব্য মুখ্যমন্ত্ৰী-বিজেপিৰ সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.