ETV Bharat / state

কা'ৰ জড়িয়তে কিমান বাংলাদেশী আনিব ? বিপৰীতমুখী বক্তব্য মুখ্যমন্ত্ৰী-বিজেপিৰ সভাপতিৰ

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 7:18 AM IST

AAP Assam on CAA notification : কা সন্দৰ্ভত চৰকাৰক সমালোচনা আপ অসমৰ ৷ বিভ্ৰান্তিকৰ বক্তব্য পৰিহাৰ কৰিবলৈ চৰকাৰক আহ্বান আপৰ ৷

BJP Should stop misleading people on CAA says AAP Assam
বিভ্ৰান্তিকৰ বক্তব্য পৰিহাৰ কৰিবলৈ চৰকাৰক আহ্বান আপ অসমৰ

বিভ্ৰান্তিকৰ বক্তব্য পৰিহাৰ কৰিবলৈ চৰকাৰক আহ্বান আপ অসমৰ

গুৱাহাটী, 15 মাৰ্চ: ৰাজ্যজুৰি কা বিৰোধী প্ৰৱল প্ৰতিবাদ হোৱা সত্বেও অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশজুৰি বলৱৎ কৰে কাৰ অধিসূচনা ৷ এই অধিসূচনা জাৰি হোৱাৰ পাছত দেশৰ তথা ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ সমান্তৰালভাৱে আম আদমী পাৰ্টিয়েও ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটি ভিডিঅ’ বাৰ্তাত আপ, অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতিৰ বিপৰীতমুখী ভাষ্যৰ বাবে তীব্ৰ সমালোচনা কৰে ।

ডেকাৰজাই কয়, "দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত কৈছিল যে এন আৰ চিত আবেদন নকৰা কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব নাপায় । আনহাতে অসমত কা বলৱৎ হ’লেও 20/25 লাখ লোকে যদি নাগৰিকত্ব পায় তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ এদিন পিছতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কা ৰ জৰিয়তে অসমত নতুনকৈ কমেও 20 লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি প্ৰকাশ কৰিছে । ৰাজ্য চৰকাৰ তথা দলটোৰ নেতা-কৰ্মীৰ এনে পৰস্পৰ বিৰোধী বক্তব্যই বিষয়টো সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি কৰিছে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে 'কা' সন্দৰ্ভত আগবঢ়োৱা বক্তব্যৰ বিৰুদ্ধেও সৰৱ হয় আপৰ মুখপাত্ৰগৰাকী । তেওঁ কয়, "গৃহমন্ত্ৰী শ্বাহৰ মতে দেশত কা বলৱৎ হোৱাৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অহা 2 কোটি লোকে নাগৰিকত্ব লাভ কৰিব । এনে ধৰণৰ বক্তব্যই অসমবাসীক ভীতিগ্ৰস্ত কৰিছে ।"

আনহাতে, কা বলৱৎ হোৱাৰ ফলত অসমীয়া জাতি, ভাষা তথা সংস্কৃতি সংকটৰ সন্মুখীন হ'ব বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেলযোগে উল্লেখ কৰিছে । অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংকটৰ প্ৰসংগ উল্লেখ কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত কা বলৱৎ কৰাৰ বিৰোধিতা কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই সময়োপযোগী পদক্ষেপৰ বাবে আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: 'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.