অসম

assam

ছ’চিয়েল মিডিয়াত ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি লংকাত আটক দুজন

By

Published : Sep 18, 2022, 9:48 PM IST

ছ’চিয়েল মিডিয়াত ভুৱা ভিডিও প্ৰচাৰ কৰি আটক দুজন (Youths arrested for posting fake video on social media)। এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত ৷ আটকাধীন দুজন ক্ৰমে আয়ুবুৰ ৰহমান আৰু আছাদুল হক ৷ দুয়োৰে ঘৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত কপিলাপাৰ আৰু লস্কৰপথাৰত বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ধৃত দুই যুৱকে ফেচবুকত লংকা আৰক্ষী থানাৰ অন্তৰ্গত আমতলা নামৰ ঠাইত সোপাধৰা নামত এগৰাকী মহিলা ধৰিছে বুলি ভিডিও সম্পচাৰ কৰিছিল ৷ ইয়াৰ পিছতে ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পিছত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশনাত লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে অভিযান চলাই আটক কৰে দুই যুৱকক । বৰ্তমান দুয়োকে লংকা আৰক্ষী থানাত ৩৯১/২২ নম্বৰত এক গোচৰ ৰুজু কৰি শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰাৰ যো-জা চলাই আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে কোনো ভুৱা প্ৰচাৰক বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী বিষয়াগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details