অসম

assam

শীঘ্ৰেই আৰম্ভ হ’ব শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদনৰ কাম

By

Published : Sep 2, 2022, 12:32 PM IST

Updated : Sep 2, 2022, 1:22 PM IST

দূৰ্গা পূজাৰ পাছতে আৰম্ভ হ'ব শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদনৰ কাম (Second unit of Assam Cooperative Jute Mill) ৷ অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰি এই কথা সদৰি কৰিলে ৰাজ্যৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ আজি শিলঘাটৰ অসম সমবায় মৰাপাট কলত উপস্থিত হৈ কলটোৰ দ্বিতীয়টো ইউনিটৰ কাম-কাজৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে (Minister Nandita Garlosa)। লগতে অত্যাধুনিক পৰিকল্পনাৰে লাভজনক ব্যৱসায়ৰে মিলটোক আগুৱাই নিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গাৰ্লোছাই । ৰাজ্য চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগম চমুকৈ NCDC পৰা লাভ কৰা সৰ্বমুঠ ২৬ কোটি ৬৯ লাখ ৪৪ হাজাৰ টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে কলটোৰ দ্বিতীয়টো ইউনিট ৷
Last Updated :Sep 2, 2022, 1:22 PM IST

ABOUT THE AUTHOR

...view details