অসম

assam

Infant sell in Sivsagar : 5 হাজাৰ টকাত মাতৃয়ে বিক্ৰী কৰিলে সন্তানক

By

Published : Oct 13, 2022, 8:58 PM IST

শিৱসাগৰ নগৰত সদ্যোজাত নৱজাতকলৈ প্ৰসূতি মাতৃ আৰু কিন্নৰ দলৰ মাজত সৃষ্টি হয় এক সংঘাতৰ । সন্তানক প্ৰসৱৰ পাচত বিক্ৰী কৰাৰ চুক্তি কৰিছিল মাতৃয়ে । কিন্তু এতিয়া ধনৰ লেনদেনত হোৱা মতানক্যৰ বাবেই দুই পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ । জানিব পৰা মতে, স্বামীহীন মহিলাগৰাকীয়ে গৰ্ভৱতী হৈ থাকোতেই পেটৰ সন্তানক প্ৰসৱৰ পাচত কিন্নৰক একেবাৰে দিয়াৰ চুক্তি কৰি পাঁচ হাজাৰ টকা লৈছিল (Mother sells infant for Rs 5000 in Sivsagar)। ইতিমধ্যে দুই সন্তানৰ মাতৃগৰাকীয়ে তৃতীয়টো সন্তান পোহপাল দিবলৈ সক্ষম নোহোৱাৰ বাবেই সামান্য কেইটামান টকাৰ বিনিময়ত সদ্যজাতক শিশুটিক দিয়াৰ চুক্তি কৰিছিল (Infant sell in Sivsagar) । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে নৱজাতকটিৰ মাতৃয়ে ৷ ইফালে তিনি দিন পূৰ্বে জন্ম লাভ কৰা সন্তানটিক বৃহস্পতিবাবে কিন্নৰৰ দলে নিবলৈ অহাতহে দুই পক্ষৰ মাজত সৃষ্টি হয় মতানৈক্যৰ ৷ যাৰ ফলত উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ নৱজাতক নিবলৈ অহাৰ অপৰাধত আৰক্ষীৰ দলটোৱে আটক কৰি শিৱসাগৰ থানালৈ লৈ যায় কিন্নৰৰ দলটোক ৷

ABOUT THE AUTHOR

...view details