অসম

assam

নামচাং থাকিব অসমৰে দখলত : অতুল বৰা

By

Published : Sep 3, 2022, 8:15 PM IST

অসম অৰুণাচল সীমান্তৰ নাহৰকটীয়াৰ নামচাং অঞ্চল । বিবাদমান এই নামচাং অঞ্চলক বিগত সময়ত নিজৰ বুলি দাবী কৰি আহিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে (Assam Arunachal Border Demarcation Issue) । পিছে অৰুণাচলে নিজৰ বুলি দাবী কৰা অসমৰ এই ভূখণ্ড নামচাং থাকিব অসমৰ দখলত । বিগত ১০ আগষ্টত অসম আৰু অৰুণাচলৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ বৈঠকৰ অন্তত শনিবাৰে বিবদমান নাহৰকটীয়াৰ নামচাং অঞ্চলত উপস্থিত হয় অসম-অৰুণাচল সীমা নিৰ্ধাৰণ কমিটিৰ অধ্যক্ষ তথা মন্ত্ৰী অতুল বৰা, কমিটিখনৰ সদস্য তথা বিধায়ক তৰংগ গগৈ, উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি সীমা নিৰ্ধাৰণ কমিটিৰ এটা দল (Atul Bora visited Assam Arunachal Border) । বিবদমান নামচাং অঞ্চলৰ সীমান্ত এলেকা পৰিদৰ্শন কৰাৰ অন্তত নামচাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত মন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰে । উল্লেখ্য যে, বিগত সময়ত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে অসম-অৰুণাচল সীমান্তৰ অসমৰ ভূখণ্ড নামচাং, নগাঘাট, পন্টন বস্তি আদি এলেকা নিজৰ বুলি দাবী কৰিছিল ৷ কিন্তু দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ কমিটিৰ আলোচনাৰ অন্তত এই আটাইকেইখন গাঁও অসমৰ হয় আৰু অসমৰে দখলত থাকিব বুলি প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ৷ আনহাতে, বিধায়ক তৰংগ গগৈয়ে নামচাঙৰ জনতাৰ মতামত গ্ৰহণ কৰি এই প্ৰতিবেদন অহা ১৫ ছেপ্তেম্বৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰা হ’ব বুলি প্ৰকাশ কৰাৰ লগতে অসমৰ ভূখণ্ড অৰুণাচলৰ দখলত নাযায় অমতে থাকিব বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details