অসম

assam

এটা ইঞ্জিনযুক্ত ফেৰীৰ পুনৰ চলাচল সন্দৰ্ভত কি কয় ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ?

By

Published : Oct 9, 2021, 10:05 AM IST

মাজুলীৰ অভিশপ্ত ফেৰী দুৰ্ঘটনাৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৰম্ভ হ'ল এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল ৷ বিগত 8 ছেপ্টেম্বৰত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মাজুলীত এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল বন্ধ কৰি ৰখা হৈছিল ৷ কিন্তু, এই ঘটনাৰ এমাহ সম্পূৰ্ণ হওঁতেই শুকুৰবাৰৰ পৰা পুনৰ এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল আৰম্ভ হোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ কোনো কাৰণতে এটা ইঞ্জিনযুক্ত যাত্ৰীবাহী ফেৰী চলাচল হ'ব নালাগে বুলি মন্তব্য কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে, চৰকাৰে যদি ৰাইজক পিঠি কিবা সিদ্ধান্ত লয় সেয়া দোষাবহ কথা হ'ব ৷ অৱশ্যে মাল-বস্তুৰ পাৰাপাৰৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ সহায়ত এটা ইঞ্জিনযুক্ত ফেৰী ব্যৱহাৰ কৰিলে তাত ক'বলগীয়া একো নাই বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details