অসম

assam

কাজিৰঙাত এনকাউন্টাৰ : আহত চোৰাং চিকাৰী

By

Published : Jan 25, 2022, 11:02 PM IST

Updated : Jan 26, 2022, 6:04 AM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰি নিবাসী নবীৰ হুছেইন(32) নামৰ এটা চোৰাং চিকাৰী আৰক্ষীৰ গুলিত আহত হয় । চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ যাওঁতে এজন আৰক্ষী জোৱানো আহত হয় । আহত আৰক্ষী জোৱানজনৰ নাম দিব্যজ্যোতি হাজৰিকা । আহত দুজনক কঁহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ২০জানুৱাৰী নিশা চোৰাং চিকাৰীয়ে নিধন কৰা খৰ্গবিহীন এটা গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল । এই গড় নিধনৰ সৈতে জড়িত থকাৰ সন্দেহত ২৩ তাৰিখে বিশ্বনাথৰ পৰা আটক কৰিছিল নবীৰ হুছেইনক । আজি চোৰাং চিকাৰীটোক ঘটনাৰ স্থান প্ৰত্যক্ষ কৰাবলৈ বনাঞ্চলৰ শিলেখুন্দা বনশিবিৰ এলেকালৈ নি থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ৩ জাঁই গুলী নিক্ষেপ কৰে ।আৰক্ষীৰ গুলীত আহত হয় চোৰাং চিকাৰী নবীৰ হুচেইন ।
Last Updated :Jan 26, 2022, 6:04 AM IST

ABOUT THE AUTHOR

...view details