অসম

assam

কাছাৰত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ : বন্ধ সমৰ্থকক আটক আৰক্ষীৰ

By

Published : Sep 28, 2021, 10:57 AM IST

বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দীৰ্ঘদিন আন্দোলন অব্যাহত ৰখা সংযুক্ত কিষাণ মৰ্চাই সোমবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ কাছাৰ জিলাতো পৰা পৰিলক্ষিত হয় ৷ কাছাৰৰ ঠায়ে ঠায়ে বন্ধ সমৰ্থকে প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ কিছু কিছু স্থানত বন্ধ সমৰ্থক আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰো সূত্ৰপাত হয় ৷ আৰক্ষীয়ে একাংশ বন্ধ সমৰ্থকক আটক কৰি থানালৈ নিয়ে ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰাৰ লগতে আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰে । অৱশ্যে বন্ধৰ সময়চোৱাত জিলাখনৰ বহু স্থানত দোকান-পোহাৰ খোলাৰ ৰখাৰ লগতে যান-বাহনৰ চলাচল পৰিলক্ষিত হয় ৷ এই সময়চোৱাত ৰে’লৰ চলাচল অব্যাহত থাকে ৷

ABOUT THE AUTHOR

...view details