অসম

assam

Barnali das leads ncra astronomers team : জানুৱাৰীত উৰা মাৰিব আমেৰিকালৈ

By

Published : Nov 24, 2021, 1:16 PM IST

Updated : Dec 1, 2021, 12:40 PM IST

বজালী জিলাৰ পাটাছাৰকুছিৰ মেধাৱী ছাত্ৰী বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ । পুনেস্থিত Tata Institute of Fundamental Research ত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী ৮ টাকৈ নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে । বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে তেওঁৰ পৰিয়ালৰ লোক-শিক্ষাগুৰুসকল অতি আনন্দিত হৈ পৰিছে । বৰ্ণালী দাসে পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত নতুন দিল্লীৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা বৰ্ণালীয়ে সোণৰ পদক লাভ কৰে ৷ National Center for Radio Astrophysics ত গৱেষণা কৰিবলৈ বৰ্ণালীয়ে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব(Barnali das leads ncra astronomers team) ৷ অসমৰ জীয়ৰী, কোচবিহাৰৰ বোৱাৰী বৰ্ণালীয়ে পুনেৰ পৰা এক ভিডিঅ' বাৰ্তাযোগে ব্যক্ত কৰে গৱেষণাৰ কথা ।
Last Updated : Dec 1, 2021, 12:40 PM IST

ABOUT THE AUTHOR

...view details