যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ চিন্তিত নহয় মন্ত্ৰী যোগেন মহন - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
মঙলবাৰৰ দিনটোত দৃষ্টি নিৱদ্ধ ৰাজ্যবাসীৰ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : June 3, 2024 at 9:56 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 3 জুন : মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ তাৰ পিচতে সকলো পৰিস্ফুট হ’ব ৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাক লৈ উৎকণ্ঠাৰে বাট চাইছে ৰাজনৈতিক দলসমূহে ৷ পিছে কোনে মাৰিব শেষ হাঁহি, কাৰ হ’ব স্বপ্নভংগ, সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব মঙলবাৰলৈ ৷ এগজিট প’লৰ সমীক্ষাত প্ৰকাশ কৰাৰ দৰে অসমতো বিজেপি মিত্ৰজোঁটে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰি আহিছে গেৰুৱা দলটোৰ নেতা-পালিনেতাসকলে ৷

তাৰ মাজতে নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱাল আৰু তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে যোৰহাটৰ ফলাফলক লৈ চিন্তিত নহয় বুলিও সদৰী কৰে ৷ বিপৰীতে প্ৰায় এক লাখ ভোটৰ ব্যৱধানত যোৰহাটৰ পৰা সাংসদ হিচাপে তপন কুমাৰ গগৈ নিৰ্বাচিত হ’ব বুলি মন্ত্ৰী মহনে দাবী কৰে ৷ এইবেলি বিজেপিয়ে সৰ্বভাৰতীয় পৰ্যায়ত 400+ আসন পোৱাৰ লগতে অসমত 12 খন আসন দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ দাবী কৰে ৷

লগতে পঢ়ক: আসন্ন ফলাফলক লৈ আত্মবিশ্বাসী ভূপেন বৰা - Lok Sabha Election 2024

বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024 Exit Poll

অপেক্ষা কাইলৈৰ বাবে; প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ৰ নতুন অভিলেখ গঢ়িব পাৰিবনে ? - Lok Sabha Election Result 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details