অসম

assam

Anti drugs mission in Jonai: জোনাইত ড্ৰাগছ বিৰোধিতাৰে TMPKৰ আন্তঃগাঁও ক্ৰীড়া সমাৰোহ

By

Published : Jun 26, 2023, 12:50 PM IST

টিএমপিকেৰ গালী আঞ্চলিক সমিতি

জোনাই, ২৬ জুন:যি সময়ত শিক্ষা, ক্ৰীড়াক লৈ অঞ্চলে অঞ্চলে প্ৰতিযোগিতাৰ লহৰ গঠিছে, তেনে সময়তে ক্ৰীড়াক আৰু এখোজ আগবঢ়াই নিয়াৰ লগতে গ্ৰামাঞ্চলৰ কিশোৰ-কিশোৰীৰ প্ৰতিভাৰ সন্ধানত টিএমপিকেই এক পদক্ষেপ গ্ৰহণ কৰিছে । টিএমপিকেৰ গালী আঞ্চলিক সমিতিৰ উদ্য়োগত যোৱা ২৮ মে'ৰ পৰা অনুষ্ঠিত কৰা আন্তঃগাঁও ক্ৰীড়া সমাৰোহৰ শনিবাৰে  সামৰণি পৰে । টিএমপিকেৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক চান দঃঞি পাংগিঙৰ পৰিকল্পনাৰে আৰম্ভ কৰা ক্ৰীড়া সমাৰোহৰ অন্তিম দিনা ভিন্ন কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাৰ চুড়ান্ত খেলসমূহ অনুষ্ঠিত হয় ।

উল্লেখ্য যে ক্ৰীড়াক খেল হিচাপে নহয়, ক্ৰীড়াক শিক্ষা হিচাপে লোৱাৰ মনোভাব গঢ় দিয়াৰ প্ৰয়াসেৰে অনুষ্ঠিত আন্তঃগাঁও ক্ৰীড়া সমাৰোহৰ ফুটবলৰ চুড়ান্ত খেলখন মেছাকী বাঃতাক এফ চি আৰু শান্তিপুৰ বাঃতাক এফ চিৰ মাজত অনুষ্ঠিত হয় । এই খেলখনত মেছাকী বাঃতাক এফ চিয়ে শান্তিপুৰ বাঃতাক এফ চিক ৪-৩ ব্যৱধানত পৰাজয় কৰে ।

ইপিনে,গালী আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰতিখন বাঃতাক সমিতিৰ পৰা ১৯ বছৰ অনুৰ্ধৰ কিশোৰ-কিশোৰীক লৈ অনুষ্ঠিত কৰা আন্তঃগাঁও ক্ৰীড়া সমাৰোহৰ চুড়ান্ত খেলত টিএমপিকেৰ  চান দঃঞি পাংগিঙ, শিক্ষা সম্পাদক কিৰোদ কুটুম, সদস্য অমৃত কুম্বাঙ, এমএমকেৰ কেন্দ্রীয় সমিতিৰ মুক্তিনাথ পেগু,টিএমএমকেৰ পদ্মিতি মিলিকে আদি কৰি জোনাই জিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Asam Sahitya Sabha : মাতৃভাষা মাধ্যম সম্পৰ্কে নলবাৰীত অসম সাহিত্য সভাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details