অসম

assam

Drugs addicted detained: আৰক্ষীৰ পৰিৱৰ্তে ৰাইজৰ ধৰিলে তিনি ড্ৰাগছ আসক্ত যুৱকক

By

Published : Jul 3, 2023, 10:42 PM IST

ৰাইজৰ ধৰিলে তিনি ড্ৰাগছ আসক্ত যুৱকক

লখিমপুৰ, ৩ জুলাই:আৰক্ষীৰ অভিযানৰ বিপৰীতে এইবাৰ লখিমপুৰত ৰাইজৰ আকস্মিক অভিযান। ৰাইজৰ হাতত পৰিল তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱক। সোমবাৰে দুপৰীয়া লালুকৰ কেহুতলিত খেদি খেদি ৰাইজে তিনি ড্ৰাগছ আসক্ত যুৱকক ধৰি আৰক্ষীক গতাই দিয়ে। 

লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ শক্তিশালী পদক্ষেপৰ পিচতো থমকি ৰোৱা নাই ড্ৰাগছৰ বেহা ৷ আৰক্ষীৰ অভিযানে এনে অবৈধ বেহাক বহু পৰিমাণে স্তিমিত কৰিবলৈ সক্ষম হ’লেও একাংশ ড্ৰাগছ বেপাৰীয়ে ন ন কৌশলেৰে এনে বেহা চলাই আসক্তসকলক ড্ৰাগছ যোগান ধৰি আহিছে ৷ 

ধৃত যুৱককেইজন গুলজাৰ হুছেইন, মইনুল ইছলাম আৰু বিছমিল্লাহ। যুৱককেইজন সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷ যুৱককেইজনে কাৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক:Guwahati Accident: তীব্ৰবেগী ফৰ্চুনাৰ বাহনে মহতিয়ালে কেইবাখনো বাহন

ABOUT THE AUTHOR

...view details