ETV Bharat / state

Guwahati Accident: তীব্ৰবেগী ফৰ্চুনাৰ বাহনে মহতিয়ালে কেইবাখনো বাহন

author img

By

Published : Jul 1, 2023, 10:53 PM IST

মহানগৰীৰ ৰাজপথত বলীউডসদৃশ দৃশ্য ৷ এখন ফৰ্চুনাৰ বাহনে এফালৰ পৰা মহতিয়াই নিয়ে কেইবাখনো বাহন।

road accident at odalbakra
ফৰ্চুনাৰ বাহনে মহতিয়ালে কেইবাখনো বাহন

ফৰ্চুনাৰ বাহনে মহতিয়ালে কেইবাখনো বাহন

গুৱাহাটী, ১ জুলাই: পথচাৰীসকল সাৱধান হওক ৷ মহানগৰীত সুৰাসক্ত চালকৰ সন্ত্ৰাস ৷ বলীউডৰ চিনেমাৰ দৰেই মহানগৰীৰ ৰাজপথত সুৰাসক্ত চালকৰ এক্সন ৷ এখন ফৰ্চুনাৰ বাহনে এফালৰ পৰা মহতিয়াই নিয়ে কেইবাখনো বাহন। গুৱাহাটীৰ ওদালবাক্ৰাত শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত এখন ফৰচুনাৰ বাহনৰ সন্ত্ৰাসত ত্ৰাসিত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ এই ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি এছ-০১-ডি এন-৭১২৪ নম্বৰৰ এখন ফৰ্চুনাৰ বাহনে গনেশগুৰি দিশৰ পৰা কাহিলীপাৰা পথেৰে লালগনেশ অভিমুখে আহি থকা অৱস্থাত দক্ষিণগাঁও, পাৱাৰ হাউচ আদিকে ধৰি কেইবাটাও স্থানত দুৰ্ঘটনা সংঘটিত কৰে। সুৰাসক্ত অৱস্থাত থকা বাহনখনৰ চালকজনে কেইবাটাও স্থানত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰি আহি ওদালবাক্ৰাৰ হায়াত হাস্পতালৰ সমীপৰ যান-জঁটত আৱদ্ধ হৈ পৰে। দুৰ্ঘটনা সংঘটিত কৰি অহা বুলি জানিব পাৰি স্থানীয় লোকে বাহনখন ৰখাবলৈ চেষ্টা কৰে।

কিন্তু সুৰাসক্ত চালকজনে বাহনখন নৰখাই পথৰ ওপৰত থকা বহু কেইখন বাহন মহতিয়াই আগুৱাই যাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত কেইবাখনো চাৰিচকীয়া বহনৰ ওপৰি প্ৰায় ৮ খন মটৰচাইকেল ক্ষতিগ্ৰস্ত হয়। তদুপৰি মটৰচাইকেলত থকা কেইবাজনো লোক আহত হয়।

সুৰাসক্ত চালকজনৰ এনে কাৰ্য দেখি স্থানীয় লোক ক্ষোভিত হৈ পৰে আৰু লগে লগে চালকজনক বাহনৰ পৰা উলিয়াই আনি উত্তম মধ্যম শোধায়। এই ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উত্তেজিত ৰাইজৰ পৰা উদ্ধাৰ কৰে ৷ সম্প্ৰতি চালকজন আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি কাহিলীপাৰ পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।

লগতে পঢ়ক: Drunk couple: সুৰাপায়ী দম্পতীৰ তাণ্ডৱ, বৃদ্ধক গুৰুলা-গুৰুল প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.