Drunk couple: সুৰাপায়ী দম্পতীৰ তাণ্ডৱ, বৃদ্ধক গুৰুলা-গুৰুল প্ৰহাৰ

By

Published : Jul 1, 2023, 10:29 PM IST

thumbnail

যোৰহাট , 1 জুলাই : যোৰহাটত অভিজাত সুৰাপায়ী দম্পতীৰ তাণ্ডৱ ৷ আক্ৰমণত ধৰাশায়ী এজন বৃদ্ধ লোক ৷ শুকুৰবাৰে যোৰহাট নগৰৰ মাজমজিয়াৰ জে বি ৰোডত দিন দুপৰতে পোহৰতে ডিঙিৰ গুৰিলৈকৈ সুৰা পান কৰি এহাল দম্পতীয়ে এফাল পৰাৰ চলাই যায় তাণ্ডৱ ৷ সুৰাত মাতাল দম্পতীটোৱে ৰাজপথত পাচলি দোকান দিয়া এজন ষাঠিৰ উৰ্ধ্বৰ ব্যক্তিক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ অৰ্তকিতে সুৰাপায়ী দম্পতীটোৱে কৰা আক্ৰমণত ৰাজপথতে ঢলি পৰে বৃদ্ধ ব্যক্তিজন ৷ সুৰাপায়ী দম্পতীটোৰ আক্ৰমণত বৃদ্ধজনে ডিঙি, কাণ আৰু বুকত আঘাত পায় ৷  

আনহাতে সুৰাপায়ী মহিলাগৰাকীয়ে আক্ৰমণত কৰি ক্ষান্ত নাথাকি ৰাজপথত অভব্য আচৰণ কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকৰ মোবাইল পৰ্যন্ত লৈ লোৱাৰ চেষ্টা চলায় ৷ এই ঘটনাৰ কথা গম পাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ঘটনাস্থলীত পুৰুষ আৰু মহিলা আৰক্ষী দল উপস্থিত হৈ সুৰাপায়ী দম্পতীটোক যোৰহাট সদৰ থানালৈ লৈ যায় ৷

লগতে পঢ়ক: Mob lynching case: 100 টকা নিদিয়াৰ বাবেই এজন লোকক বাঁহেৰে মৰিয়াই হত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.