অসম

assam

Sexual assault case : গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি কিশোৰী

By

Published : Jul 17, 2022, 6:09 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

গুৱাহাটীত পুনৰ জঘন্য ঘটনা । ২৪ বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী (Incident of juvenile abuse in Guwahati)। ধৃত লম্পটটো বামুণীমৈদামৰ উত্তৰ-পূব ভাস্কৰ নগৰ ময়লা টেংকিৰ সুনাই আলী বুলি জানিব পৰা গৈছে (Youth involved in teenage abuse arrested in Guwahati)। আৰক্ষী সূত্ৰে জানিব পৰা মতে বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি যুৱকজনে কিশোৰী গৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি আহিছিল । যাৰ ফলত কিশোৰীগৰাকী ২ মাহৰ অন্তঃসত্বা হয় । কিশোৰীগৰাকীৰ পৰিয়ালে এই কথা গম পোৱাৰ লগে লগে আৰক্ষীৰ কাষ চাপে । ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে চানমাৰি থানত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬/(I) RW শিশু সুৰক্ষা আইনৰ ৪ নং ধাৰাৰ অধীনত থানত ২৮০/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । ইফালে ভুক্তভোগী কিশোৰীগৰাকীক আৰক্ষীয়ে CWCৰ সন্মুখত হাজিৰ কৰায় । CWC নিৰ্দেশৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট সুনাই আলীক ।
Last Updated :Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details