অসম

assam

Assam Government Recruitment: খালী পদৰ বিপৰীতে নিযুক্তি দিয়াৰ নামত অযথা হৈ চৈ কৰিছে চৰকাৰে: ৰাণা গোস্বামী

By

Published : May 26, 2023, 9:48 AM IST

Updated : May 26, 2023, 12:04 PM IST

ডিব্ৰুগড়, ২৬ মে’:খালী পদৰ বিপৰীতে নিযুক্তি দিয়াৰ নামত অযথা হৈ চৈ কৰিছে চৰকাৰে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশাল জনসভা অনুষ্ঠিত কৰি নিযুক্তি পত্ৰ পদান কৰাক লৈ কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে চৰকাৰক (Assam Government Recruitment) ।অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও বৃহস্পতিবাৰে খানাপাৰাত অনুষ্ঠিত বৃহৎ নিযুক্তি সমাৰোহৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰে (Assam govt mega recruitment ceremony) ৷ কংগ্ৰেছ নেতাগৰাকীয়ে চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণৰ নামত মেলা পতাটো হাস্যকৰ বুলি চৰকাৰখনক কটাক্ষ কৰে ।

অসমত এতিয়া লাখ লাখ মানুহে চাকৰি কৰি আছে, কিন্তু তেওঁলোকক এনেদৰে মাতি আনি চাকৰিৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছিল নেকি বুলি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে ৷ বছৰি ২ কোটি লোকক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া মোডী চৰকাৰে এতিয়া মাত্ৰ ৭১ হাজাৰ লোকক চাকৰি দিয়াৰ নামত জৱ মেলা পাতি লাখ লাখ টকাৰ শ্ৰাদ্ধ কৰিছে ৷ এইটো এটা আচলতে অযথা চমক বুলি উল্লেখ কৰে গোস্বামীয়ে ৷

লগতে পঢ়ক:Amit Shah in Guwahati: বিজেপিয়ে অসমত স্বচ্ছতাৰে মেধাৰ ভিত্তিত চাকৰি দিয়াৰ পৰিৱেশ সৃষ্টি কৰিছে; অমিত শ্বাহ

Last Updated :May 26, 2023, 12:04 PM IST

ABOUT THE AUTHOR

...view details