Amit Shah in Guwahati: বিজেপিয়ে অসমত স্বচ্ছতাৰে মেধাৰ ভিত্তিত চাকৰি দিয়াৰ পৰিৱেশ সৃষ্টি কৰিছে; অমিত শ্বাহ

author img

By

Published : May 25, 2023, 10:02 PM IST

Amit Shah in Guwahati

এসময়ৰ অশান্ত অসমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকাশৰ অসম হিচাপে গঢ়িছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ তেওঁ কয় যে, বিজেপি দল হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰা দল (Assam Government Recruitment) ৷

বিজেপি দল হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰা দল: অমিত শ্বাহ

গুৱাহাটী, 25 মে’: বিজেপিৰ শাসনত অসম বিকাশৰ দিশত আগবাঢ়িছে ৷ মেধাৰ ভিত্তিত অসমৰ যুৱক-যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে ৷ এই পৰিৱেশ বিজেপি চৰকাৰে সৃষ্টি কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ উল্লেখ্য যে, খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে নিযুক্তি-পত্ৰ বিতৰণ সমাৰোহ অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মন্তব্য কৰে (Union Home Minister Amit Shah) ৷

তেওঁ কয় যে, কংগ্ৰেছৰ শাসনৰ সময়ত অসম অশান্ত আছিল ৷ সন্ত্ৰাসবাদ আছিল ৷ কংগ্ৰেছৰ শাসনত চাকৰিত দুৰ্নীতি হৈছিল ৷ কংগ্ৰেছৰ নেতা-পালিসকলৰ আত্মীয়ইহে চাকৰি পাইছিল ৷ চাকৰিত মেধা আৰু স্বচ্ছতাৰ কোনো প্ৰশ্ন নাছিল ৷ কিন্তু এসময়ৰ অশান্ত অসমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকাশৰ অসম হিচাপে গঢ়িছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ৷ অমিত শ্বাহে কয় যে, অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে, শান্তি বিচাৰে (Amit Shah Reacts on Assam Government Recruitment) ৷

গৃহমন্ত্ৰীগৰাকীয়ে নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনায় কয়, "বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰ তৈয়াৰ কৰি থকাৰ সময়ত এটা কোঠাত সকলোৰে আগত হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তি দিয়াৰ কথা কৈছিল ৷ তেতিয়া কোঠাত থকা সকলো আচৰিত হৈ পৰিছিল ৷ কোঠাত ময়ো উপস্থিত আছিলোঁ ৷ কিন্তু এয়া এতিয়া বাস্তৱ হোৱাৰ পথত ৷" তেওঁ কয় যে, বিজেপি দল হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰা দল (UAssam Government Recruitment) ৷

ইফালে অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 2021 চনটোত চৰকাৰে ক’ভিডৰ ভয়াবহতাৰ বাবে কাম কৰিব পৰা নাছিল ৷ কিন্তু যোৱা বছৰৰ পৰা এতিয়ালৈকে চৰকাৰে 87,000 ক নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ অহা ছমাহৰ ভিতৰত 13,00 জনক নতুনকৈ চাকৰি দিয়াৰ লগতে নতুনকৈ 22,000 টা পদৰ বিজ্ঞাপন দিব ৷

তেওঁ আৰু কয়, "যোৱা দুবছৰত অসমত পৰিৱৰ্তনৰ বতাহ বলিছে ৷ এটকাও উপঢৌকন নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ অসমত এতিয়া আস্থা আৰু বিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছে । " (Amit Shah in Guwahati)

মুখ্যমন্ত্ৰীয়ে চাকৰি পোৱা প্ৰাৰ্থীসকলক অভিনন্দন জনায় অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত গঢ়ি তোলাৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে চাকৰি পোৱা প্ৰাৰ্থীসকলক ৰাজ্য তথা দেশৰ হকে কাম কৰাৰ আহ্বান জনায় ৷ অনুষ্ঠানত 15 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ নিযুক্তি পত্ৰ সংশ্লিষ্ট বিভাগৰ নিৰ্দিষ্ট ৱেবচাইটত উপলব্ধ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ 1 জুনৰ পৰা নিযুক্তি পত্ৰ পোৱা প্ৰাৰ্থীসকলে চাকৰিত যোগদান কৰিব লাগিব বুলিও মন্তব্য কৰে তেওঁ (Assam CM Himanta Biswa Sarma) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ 1.30 বজাত গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী গৰাকীয়ে বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বর্ষপূৰ্তি উপলক্ষে আইন বলৱৎকাৰী আৰু নাগৰিকৰ সম্পৰ্কৰ হেতু ‘সেৱা সেতু’ মুকলি কৰে ৷ একেটা অনুষ্ঠানতে নেচনেল ফৰেনছিক ইউনিভাৰ্ছিটীৰ অসম কেম্পাছৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷

লগতে পঢ়ক: Amit Shah to visit Manipur: তিনিদিনীয়া কাৰ্যসূচীৰে হিংসা জৰ্জৰ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.