Amit Shah to visit Manipur: তিনিদিনীয়া কাৰ্যসূচীৰে হিংসা জৰ্জৰ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : May 25, 2023, 6:57 PM IST

Amit Shah to visit Manipur

মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা (Manipur violence)। ইয়াৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ৰাজ্যখনৰ নাগৰিকসকলক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছে শ্বাহে (Amit Shah to visit Manipur) ।

তেজপুৰ, 25 মে': বিবাদ নিষ্পত্তি কৰিবলৈ হিংসাপীড়িত মণিপুৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah to visit Manipur)। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত কামৰূপ জিলাৰ চাংসাৰিৰত নিৰ্মাণ হ’বলগীয়া ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ দশম ৰাষ্ট্ৰীয় চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ সময়তে এই মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি মণিপুৰৰ লোকসকলক শান্তি বজাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে সকলো বিবাদ সমাধান কৰিবলৈ তেওঁ অনুৰোধ জনায় ।

অমিত শ্বাহে কয় যে, তেওঁ শীঘ্ৰে মণিপুৰলৈ যাব আৰু তাত তিনিদিন থাকিব । কিন্তু তাৰ পূৰ্বে দুয়োটা গোটে নিজৰ মাজত থকা ভুল বুজাবুজি আৰু সন্দেহ দূৰ কৰিব লাগে আৰু ৰাজ্যখনত শান্তি প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব লাগে । ৰাজ্যখনত সংঘটিত সংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্ত সকলোকে ন্যায় প্ৰদানৰো আশ্বাস প্ৰদান কৰে অমিত শ্বাহে । গৃহমন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে মানুহে আলোচনা কৰিব লাগিব ।

উল্লেখ্য যে, ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তিনিটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অমিত শ্বাহে দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয় (Amit Shah in Guwahati)। গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে 11 মে'ত অসম ভ্ৰমণৰ কথা আছিল ৷ কিন্তু মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবে এই অনুষ্ঠান পিচুৱাই দিয়া হৈছিল (Amit Shah to visit Manipur) ।

ইফালে মণিপুৰত প্ৰায় এমাহ ধৰি হিংসাত্মক পৰিৱেশে বিৰাজ কৰি আছে (Manipur violence)। 3 মে'ত মেইটেই আৰু কুকিসকলৰ মাজত জাতিগত সংঘৰ্ষৰ উদ্ভৱ হৈছিল । এই সংঘৰ্ষৰ ফলত প্ৰায় 71 গৰাকী লোকৰ মৃত্যু হৈছে । 230 তকৈও অধিক লোক আহত হৈছে । কোটি কোটি টকাৰ সম্পত্তি ধ্বংস কৰা হৈছে আৰু 1000 ৰো অধিক ঘৰ জ্বলাই দিয়া হৈছে ।

মণিপুৰৰ ন্যায়ালয়লৰ এক ৰায়ৰ পিচতে মণিপুৰত দুটা জনগোষ্ঠীৰ মাজত হিংসাত্মক কাৰ্য সংঘটিত হয় । এই ঘটনাৰ পাচত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত গৃহমন্ত্ৰী শ্বাহে বাৰ্তালাপ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ পিচতো কেন্দ্ৰই 355 অনুচ্ছেদৰ জৰিয়তে সেনা আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ হাতত মণিপুৰৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছিল ।

মণিপুৰত মূলতঃ তিনিটা প্ৰধান জনগোষ্ঠী আছে ৷ সেয়া হ’ল মেইটেই, নগা আৰু কুকি । মেইটেইসকলৰ বেছিভাগেই হিন্দু ধৰ্মাৱলম্বী ৷ আনহাতে নাগা আৰু কুকি সকলে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে । বৰ্তমান মণিপুৰত চলি থকা এই হিংসা হিন্দু মেইটেইৰ বিৰুদ্ধে খ্ৰীষ্টান নগা আৰু কুকিৰ । পৰিসংখ্যা অনুসৰি 1949 চনত মণিপুৰত মেইটেই জনসংখ্যা আছিল 64 শতাংশ (Manipur violence updates)।

অৰ্থাৎ ধৰ্মীয় জনসংখ্যা অনুসৰি, হিন্দু ৫০%, খ্ৰীষ্টান ৩৫-৪০% ৷ যিহেতু অনুসূচীত জনজাতি অৰ্থাৎ ST ৰ অধীনত কোনো জনগোষ্ঠীক ঘোষণাৰ বাবে ধৰ্মৰ কোনো গুৰুত্ব নাই, গতিকে অনুসূচিত জনজাতি শিতানত সংৰক্ষণ বিচাৰি মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মেইটেই জনগোষ্ঠীয়ে ৷ ফলস্বৰূপে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেই সকলৰ সপক্ষে ৰায়দান কৰে ৷ ইয়াৰ পিচতে ট্ৰাইবেল ছাত্ৰ সংগঠন আন্দোলনত নামি পৰে আৰু এই আন্দোলনে যোৱা 3 মে’ৰ নিশাৰ পৰা অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত সেনা মোতায়েন কৰা হয় ৷ মুঠ 154 টা সেনাৰ পৃথক পৃথক গোটক ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে ।

এই হিংসাত্মক ঘটনাক লৈ বিৰোধী কংগ্ৰেছে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । কংগ্ৰেছে দাবী কৰা মতে প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে শান্তি আলোচনাৰ বাবে মণিপুৰৰ দুয়োটা সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে বৈঠকত বহিব লাগে । কংগ্ৰেছে অভিযোগ কৰা মতে ৰাজ্যখনত শান্তি আলোচনাৰ বাবে কোনেও আলোচনা কৰা নাই । মেইটেই আৰু কুকিসকলে তেওঁলোকে নিজৰ সাহায্য শিবিৰ চলাই আছে ।

লগতে পঢ়ক :Satyendar Jain Admitted in Hospital : দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈত্যেন্দ্ৰ জৈন চিকিৎসালয়ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.