অসম

assam

Nalbari AASU Protest: গণিত বিজ্ঞানৰ ইংৰাজী পাঠ্যক্ৰমৰ বিৰুদ্ধে নলবাৰীত আছুৰ প্ৰতিবাদ

By

Published : Apr 8, 2023, 6:37 PM IST

চৰকাৰী ষড়যন্ত্রৰ বিৰুদ্ধে গৰজি উঠিল আছু

নলবাৰী, ৮ এপ্ৰিল: অসমীয়া, বড়ো মাধ্যমকে ধৰি মাতৃভাষা মাধ্যমত ইংৰাজী ভাষাত অংক-বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰচলনৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আকোৰগোজ স্থিতিৰ বিৰুদ্ধে শনিবাৰে নলবাৰী চহৰ কঁপাই তোলে সদৌ নলবাৰী জিলা ছাত্র সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি নলবাৰীতো  জিলা ছাত্র সন্থাই ইয়াৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest in Nalbari) ।  

প্ৰতিবাদকাৰীসকলে জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন বাকৰিৰ পৰা নলবাৰী চহৰৰ বৰুৱা পথেৰে আৰম্ভ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (AASU protest against English medium Book)। জিলাখনৰ প্ৰতিটো শাখাৰ কৰ্মীসকলে এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কঁপাই তোলে নলবাৰী চহৰ ।  প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ কাম নাই, মাতৃভাষা মাধ্যম ধংস কৰা বিজেপি চৰকাৰ হুচিয়াৰ, শিক্ষা মন্ত্ৰী গ' বেক আদি শ্ল'গান দিয়ে (AASU protest against govt decission on Medium) ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰত জপি দিয়া ইংৰাজী মাধ্যমৰ পাঠ্যপুথিৰে অসমীয়া আৰু অন্যান্য জনগোষ্ঠীয় মাতৃভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে (AASU opposed english medium in schools)। যাৰ সমৰ্থনত ৰাজ্য চৰকাৰেও ইতিমধ্যে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ বিৰুদ্ধে আজি  ছাত্র সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজ্য় তথা কেন্দ্ৰীয় চৰকাৰৰ এই নীতি প্ৰত্য়াহাৰ কৰিবলৈ দাবী জনায় (Controcersy on english medium of Science)।

লগতে পঢ়ক:Dibrugarh AASU Protest : গণিত আৰু বিজ্ঞানৰ ইংৰাজী মাধ্যমৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details