অসম

assam

Naked women body recovered: চিপ লৈ থকা অৱস্থাত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:26 PM IST

চিপ লৈ থকা অৱস্থাত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ

বিলাসীপাৰা, 11 অক্টোবৰ :ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ছাগলখুটিত চাঞ্চল্যকৰ ঘটনা। পৰিত্যক্ত ঘৰৰ ভিতৰত অৰ্ধ উলংগ অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। কোনো দুষ্কৃতিকাৰীয়ে মহিলাগৰাকীক ধৰ্ষণ কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ঘৰৰ ভিতৰত উলংগ অৱস্থাত হাত, মুখ বান্ধি চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। 

জানিব পৰামতে মহিলাগৰাকী গোৱালপাৰা জিলাৰ পৰা আহি ছাগলখুটি গাঁৱত অস্থায়ীভাৱে বসবাস কৰি আছিল। মহিলাগৰাকীৰ ছয় গৰাকী সন্তানৰ মাতৃ আছিল বুলি জানিব পৰা গৈছে ৷ পৰিকল্পিতভাৱে প্ৰথমে মহিলাগৰাকীক ধৰ্ষণ কৰি তাৰ পিচত হত্যা কৰে নিৰ্জন ঠাইত থকা ঘৰটোৰ ভিতৰত চিপ দি ওলোমাই ৰাখে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। 

গাঁৱখনৰ এগৰাকী মহিলাই প্ৰথমে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি পিচত আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ খবৰ লাভ কৰি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী বিষয়া, চাপৰ আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ইপিনে এটি ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হয়। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুষ্কৃতিকাৰীক আটক কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক:Moral policing: আৰক্ষীৰ সকীয়নি, লিপ্ত নহ’ব মৰেল পুলিচিঙৰ সৈতে

ABOUT THE AUTHOR

...view details