অসম

assam

MV Ganga Vilas Cruise: শিলঘাটত উপস্থিত নদী ক্ৰুজ এম ভি গংগা বিলাস

By

Published : Feb 23, 2023, 8:47 PM IST

কলিয়াবৰ, 23 ফেব্ৰুৱাৰী: কলিয়বৰৰ ঐতিহাসিক শিলঘাট জাহাজঘাটত বৃহপতিবাৰে আহি উপস্থিত হয় বিশ্বৰ আটাইতকৈ দৈৰ্ঘ্য দূৰত্বৰ অত্যাধুনিক নদী ক্ৰুজ এম ভি গংগা বিলাস (MV Ganga Vilas Cruise arrives at Silghat)। কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত নগাঁও জিলা প্ৰশাসনে এই অত্যাধুনিক নদী জাহাজখনত অহা 24 গৰাকী বিদেশী পৰ্যটকক উষ্ম আদৰণি জনায় ৷ বিদেশী পৰ্যটকসকল শিলঘাটত উপস্থিত হোৱাৰ পাচত বড়ো নৃত‍্য আৰু ঝুমুৰ নৃত‍্য প্ৰদৰ্শন কৰা হয় ৷  

ইয়াৰ পিচতে পৰ্যটকসকলে অসম সমবায় মৰপাট কল পৰিদৰ্শন কৰে ৷ কল কৰ্তৃপক্ষই পৰ্যটকসকলক গামোচা আৰু একোটিকৈ মৰাপাটৰ মোনা (বেগ) উপহাৰ স্বৰূপে আগবঢ়ায় ৷ পৰ্যটকৰ দলটোৱ অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা মন্দিৰো পৰিদৰ্শন কৰে৷ পৰৱৰ্তী সময়ত বাছেৰে শিলঘাটৰ পৰা কাজিৰঙা অভিমুখে যাত্ৰা কৰে পৰ্যটকৰ দলটোৱে ৷  

উল্লেখ্য যে, যোৱা 13 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস ক্ৰুজৰ যাত্ৰাৰ উদ্বোধন কৰিছিল ৷ এম ভি গংগা বিলাসে 13 জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৷

বৃহস্পতিবাৰে পুৱা "এম ভি গংগা বিলাস" শোণিতপুৰ জিলাত উপস্থিত (MV Ganga Vilas Cruise arrives in Tezpur) হৈছিল ৷ এম ভি গংগা বিলাস ক্ৰুজখনে (MV Ganga Cruise) বৰ্তমানলৈকে ৩২০০ কিলোমিটাৰ দূৰত্বৰ এতিয়ালৈকে ২৮৮০ কিলোমিটাৰ অতিক্ৰম কৰিছে ৷ বিগত ১৭ ফেব্ৰুৱাৰীত ধুবুৰীত প্ৰৱেশ কৰাৰ পাচতে গোৱালপাৰা, শুৱালকুছি, পাণ্ডু, মায়ং, তেজপুৰ হৈ শিলঘাটত প্ৰৱেশ কৰিছে গংগা বিলাস ক্ৰুজখনে । আগন্তুক সময়ত এম ভি গংগা বিলাসে বিশ্বনাথ ঘাট, কেৰকেৰীঘাট, মাজুলী আৰু নিমাতীঘাটত প্ৰৱেশ কৰাৰ পাচত ডিব্ৰুগড়ৰ বগীবিললৈ যাত্ৰা অব্যাহত ৰাখিব ।

অসমত নদী ক্ৰুজ 'এম ভি গংগা বিলাস'ৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ আভ্যন্তৰীণ জল পৰিৱহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হৈছে বুলি শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰিছে (Longest river cruise in the world)৷

লগতে পঢ়ক:MV Gang Vilas at Tezpur : তেজপুৰত বিদেশী পৰ্যটকক ব্যাপক আদৰণি

ABOUT THE AUTHOR

...view details