ETV Bharat / state

MV Gang Vilas at Tezpur : তেজপুৰত বিদেশী পৰ্যটকক ব্যাপক আদৰণি

author img

By

Published : Feb 23, 2023, 4:13 PM IST

বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি বাংলাদেশ হৈ অসমত প্ৰৱেশ কৰা এম ভি গংগা আহি পালে তেজপুৰ (MV Gang Vilas at Tezpur)। ঐতিহাসিক চহৰখনত বিদেশী পৰ্যটকসকলক ব্যাপক আদৰণি জনালে শোণিতপুৰ জিলা প্ৰশাসনে । অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, কলা-সংস্কৃতি আৰু অতিথি আপ্যায়ন দেখি আপ্লুত পৰ্যটকসকল ।

MV Gang Vilas at Tezpur
তেজপুৰত ব্যাপক আদৰণি বিদেশী পৰ্যটকক
তেজপুৰত ব্যাপক আদৰণি বিদেশী পৰ্যটকক

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী : বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰমী নদী ক্ৰুজ "এম ভি গংগা বিলাস" শোণিতপুৰ জিলাত উপস্থিত (MV Ganga Vilas Cruise arrives in Tezpur)। নদী ক্ৰুজখনে এতিয়ালৈকে অসমত ৪২০ কিলোমিটাৰ যাত্ৰা কৰি তেজপুৰত প্ৰৱেশ কৰিলে । শোণিতপুৰ জিলা প্ৰশাসনে খোল-তালেৰে আদৰি আনিলে বিদেশী পৰ্যটকসকলক । প্ৰতিকূল বতৰৰ বাবে ২৮ গৰাকী বিদেশী পৰ্যটকৰ ভিতৰত মাত্ৰ ২০ গৰাকীয়েহে তেজপুৰত উপস্থিত হয় ।

এম ভি গংগা বিলাস ক্ৰুজখনে (MV Ganga Cruise) বৰ্তমানলৈকে ৩২০০ কিলোমিটাৰ দূৰত্বৰ এতিয়ালৈকে ২৮৮০ কিলোমিটাৰ অতিক্ৰম কৰিছে । বিগত ১৭ ফেব্ৰুৱাৰীত ধুবুৰীত প্ৰৱেশ কৰাৰ পাছতে গোৱালপাৰা, শুৱালকুছি, পাণ্ডু, মায়ঙৰ মাজেৰে পাৰ হৈ তেজপুৰত প্ৰৱেশ কৰিছে গংগা বিলাস ক্ৰুজখনে । বৃহস্পতিবাৰে পৰ্যটকসকলে তেজপুৰৰ ঐতিহ্যমণ্ডিত ক'ল পাৰ্ক আৰু পুৰাতাত্ত্বিক বিশেষত্বপূৰ্ণ দ' পৰ্বতীয়া আৰু চিত্ৰলেখা উদ্যান পৰিদৰ্শন কৰে । অসমত প্ৰৱেশ কৰা বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰমী নদী ক্ৰুজখনে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ষষ্ঠ দিনৰ বাবে যাত্ৰা কৰিছে ।

জাহাজখনে বুধবাৰে সন্ধিয়া ৫:৪০ বজাত তেজপুৰত প্ৰৱেশ কৰে । ব্ৰহ্মপুত্ৰৰ বুকুত জলস্তৰ হ্ৰাস হোৱাৰ বাবে গংগা বিলাস ক্ৰুজ নদীৰ মাজৰ পৰা পাৰলৈ আনিব নোৱাৰিলে । লগতে প্ৰতিকূল বতৰৰ বাবে পৰ্যটকৰ দলতো তেজপুৰৰ পৰা শিলঘাটলৈ গাড়ীৰে যোৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও বতৰ কিছু ফৰকাল হোৱাৰ লগে লগে পুনৰ তেওঁলোকে ক্ৰুজৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰে ।

ইফালে তেজপুৰত থলুৱা নৃত্য-গীতৰ তালে তালে নাচিলে বিদেশী পৰ্যটকৰ দলটোৱে । তেজপুৰত উপস্থিত হোৱা পৰ্যটকসকল প্ৰশাসনৰ অতিথি আপ্যায়নত আপ্লুত হৈ পৰে । চিত্ৰলেখা উদ্যানত স্থানীয় পিঠাৰে চাহৰ জুতিও লয় । ভাৰতৰ পৰা বাংলাদেশ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাচত বিলাসী ক্ৰুজখনে অসমত ইতিমধ্যে ৪২০ কিলোমিটাৰ যাত্ৰা কৰিছে ।

যোৱা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাহাজখনৰ ফ্লেগ্ অফ্ কৰাৰ পাছত বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব অতিক্ৰম কৰিছে । জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকে সন্ধিয়া তেজপুৰত উপস্থিত হোৱাৰ পূৰ্বে ধুবুৰী, গোৱালপাৰা, শুৱালকুছি, পাণ্ডুত অৱতৰণ কৰি বহু উল্লেখযোগ্য স্থান দৰ্শন কৰাৰ লগতে অসমৰ চহকী ঐতিহ্য-পৰম্পৰা, প্ৰাকৃতিক সৌন্দৰ্য, লোককৃষ্টি আৰু আতিথ্যত আপ্লুত হৈ পৰিছে ।

পৰ্যটকসকলে পুৱা চিত্ৰলেখা উদ্যান (যাক ক'ল পাৰ্ক বুলিও জনা যায়) আৰু দ পৰ্বতীয়া পুৰাতাত্ত্বিক স্থান দৰ্শন কৰে (Foreign tourists visits Chitralekha Udyan)। ইয়াৰ পাচতে জাহাজখনে শিলঘাটলৈ যাত্ৰা কৰে য'ত পৰ্যটকসকলে মৰাপাট সমবায় কাৰখানা দৰ্শন কৰাৰ কথা আছে । পৰ্যটকসকলে তাৰ পাচত এদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব । এম ভি গংগা বিলাসে বিশ্বনাথ ঘাট, কেৰকেৰীঘাট, মাজুলী আৰু নিমাতীঘাটত প্ৰৱেশ কৰাৰ পাছত ডিব্ৰুগড়ৰ বগীবিললৈ আগন্তুক যাত্ৰা অব্যাহত ৰাখিব ।

ইফালে অসমত নদী ক্ৰুজ 'এম ভি গংগা বিলাস'ৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ আভ্যন্তৰীণ জল পৰিৱহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে অভিহিত কৰিছে (Longest river cruise in the world)।

১৩ জানুৱাৰীত ফ্লেগ্ অফ্ কৰাৰ পাচত গংগা বিলাসে বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগৰ লগতে বাংলাদেশৰ মাজেৰে ৩৭ দিনীয়া যাত্ৰা কৰি বিগত ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল (MV Ganga Cruise in Assam)। বাৰাণসীৰপৰা ডিব্ৰুগড়ৰ বগীবিল অভিমুখী এই যাত্ৰা চলিত মাহৰ শেষভাগত সম্পূৰ্ণ হোৱাৰ কথা আছে ।

লগতে পঢ়ক :MV Ganga Vilas Cruise: ৰাজধানী চহৰ গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.