অসম

assam

Letter to the CM: বিধায়ক হৈ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব নোৱাৰো নেকি ? সাংবাদিকক উভতি ধৰিলে বিধায়ক দেউৰীয়ে

By

Published : Jun 9, 2023, 2:13 PM IST

সাংবাদিকক উভতি ধৰিলে বিধায়ক দেউৰীয়ে

মৰিগাঁও, 9 জুন : ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি লেখি গাঁওপ্ৰধান পদত নিযুক্তি দিয়াক লৈ সৃষ্টি হোৱা বিৰ্তকৰ পিছত শুকুৰবাৰে মুখ খুলিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । গাঁওপ্ৰধান পদত নিযুক্তি দিয়াক লৈ মুখ্যমন্ত্ৰীলৈ এখন বিশেষ চিঠি লিখিছিল মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ লিখা হৈছিল এই বিশেষ চিঠিখন (Controversy of Letter to the Chief Minister) ।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতা আৰু নিকাভাৱে চৰকাৰী চাকৰি নিযুক্তিৰ কথা কৈ আহিছে সেই সময়তে মুখ্যমন্ত্ৰীলৈ চাকৰি নিযুক্তি দিবলৈ এজন বিধায়কে লিখা এই বিশেষ পত্ৰখনে সৃষ্টি কৰিছিল বিৰ্তক আৰু শুকুৰবাৰে সেই সন্দৰ্ভত নিজৰ স্পষ্ট কথা সংবাদ মাধ্যমৰ জৰিয়তে মুকলিভাৱে সদৰী কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে (Rama Kanta dewri opens up about the controversy) ।

হয় আমি ক’ব বিচাৰিছোঁ বহু চৰ্চিত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কথা । ৰমাকান্ত দেউৰীয়ে বিশেষ কেইজনমান ব্যক্তিৰ হৈ চিঠি লিখি তেওঁলোকক গাঁওপ্ৰধান পদত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল ৷ এই পত্ৰৰ ভিত্তিতেই পূৰ্বৰ গাঁওপ্ৰধানৰ উত্তৰাধিকাৰীৰ সূত্ৰে নিযুক্তি প্ৰদান কৰা হ'ল, য’ত ৮ জন গাঁওপ্ৰধানে পালে নিযুক্তি ।

শুকুৰবাৰে এই সন্দৰ্ভত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, মুখ্যমন্ত্ৰীলৈ স্থানীয় নিবনুৱা যুৱকসকলক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক আবেদন জনাব পৰাকৈ এজন বিধায়কৰ অধিকাৰ আছে । ইমানেই নহয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে লগতে সংবাদ কৰ্মীৰো উদাহৰণ দি ক’লে যে, "আপোনালোকে কোনোবা এজনে কোনো বিশেষ কামৰ বাবে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিবলৈ ক’লে মই আবেদন জনাব লাগিব । তাকে লৈ ৰৌজাল বৌজাল কৰিলে নহ’ব"। বিধায়ক ৰমাকান্ত দেউৰীৰ মতে এই নিযুক্তি স্বচ্ছতা আৰু যোগ্যতাৰ ভিত্তিতেই হৈছে ।

লগতে পঢ়ক :Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

ABOUT THE AUTHOR

...view details