অসম

assam

Scam In Distribution Of PDS Rice : মৰিগাঁৱত হিতাধিকাৰীৰ পৰা সুলভ মূল্যৰ চাউল কৰ্তনৰ অভিযোগ

By

Published : Aug 2, 2023, 5:17 PM IST

সুলভ মূল্যৰ চাউল বিতৰণত অনিয়ম

মৰিগাঁও, 2 আগষ্ট : মৰিগাঁৱৰ পুৰণা তেলাহী গাঁৱৰ সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিজন হিতাধিকাৰীৰ পৰা এক কিলোকৈ চাউল কৰ্তনৰ অভিযোগ ৷ উত্থাপিত অভিযোগ অনুসৰি মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত তথা উত্তৰ খোলা তেতেলীয়া সমবায় সমিতিৰ অন্তৰ্গত পুৰণা তেলাহী গাঁৱৰ টমিজ উদ্দিন নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনে হিতাধিকাৰীৰ পৰা চাউল কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷  

দহ কিলো পাব লগা জনক ন কিলো, পোন্ধৰ কিলো পাবলগীয়া জনক চৈধ্য কিলো চাউল প্ৰদান কৰে বুলি একাংশ হিতাধিকাৰীয়ে অভিযোগ উত্থাপন কৰিছে ৷ হিতাধিকাৰী সকলে কয় যে, পুৰণা তেলাহীৰ সুলভ মূল্যৰ ব্যৱসায়ী টমিজ উদ্দিনে কাগজে-পত্ৰই সকলো ঠিকে ৰাখে যদিও প্ৰকৃতাৰ্থত এলেকাটোৰ দুখীয়া হিতাধিকাৰীক অন্ধকাৰত ৰাখি প্ৰতিটো কিস্তিত চাউল কৰ্তন কৰে ৷ কেৱল ইমানেই নহয় বিগত জুলাই মাহৰো সুলভ মূল্যৰ চাউল বিতৰণ কৰা নাই সুলভ মূল্যৰ প্ৰতিনিধি জনে ৷

এই সন্দৰ্ভত স্থানীয় হিতাধিকাৰীসকলে চাউল কৰ্তনৰ কাৰণ জানিবলৈ বিচাৰিলে বিভাগীয় কাৰ্যালয়ত গৈ সুধিবলৈ কয় ব্যৱসায়ীজনে ৷ ফলত অধিক সন্দিহান হৈ পৰে হিতাধিকাৰীসকল ৷ সেয়েহে আগষ্ট মাহৰ চাউল নিবলৈ আহি এজেন্ট টমিজ উদ্দিনৰ বিৰুদ্ধে হিতাধিকাৰী সকলে উত্থাপন কৰে একাধিক অভিযোগ ৷ অৱশ্যে হিতাধিকাৰী সকলৰ এই অভিযোগ নসাৎ কৰিছে সুলভ মূল্যৰ ব্যৱসায়ী টমিজুদ্দিনে ৷

লগতে পঢ়ক :Power workers Protest: চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত নতুন নিযুক্তি নিদিবলৈ দাবী অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details