অসম

assam

Rama Kanta Dewri controversy: যি দলৰ চৰকাৰ আহিলেও ভূমিপুত্ৰক উচ্ছেদ কৰিবলৈ নিদিয়ে ৰমাকান্ত দেউৰীয়ে

By

Published : Nov 20, 2022, 7:43 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ স্পষ্ট কথা- বন বিভাগৰ নামত কোনো বিদেশীয়ে ভূমিপুত্ৰসকলক ভূমিহীন কৰিবলৈ আহিলে সহ্য কৰা নহ’ব (Rama Kanta Dewri controversy)। বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ভূমিপুত্ৰ জনজাতিসকলক উচ্ছেদ কৰিবলৈ আহিলে জনজাতি মহিলাসকলক দা-যাঠি লৈ কাটিবলৈ উচটনি দিয়া মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰে দেওবাৰেও অনুৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে (Rama Kanta Dewri on eviction)। এখন ফুটবল প্ৰতিযোগিতা উদ্ধোধন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, বনবিভাগৰ নামত ভূমিপুত্ৰসকলক উচ্ছেদ কৰি ভূমিহীন কৰাটো সহ্য কৰা নহ’ব । এয়া ভূমিপুত্ৰসকলৰ অধিকাৰ বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে (MLA Rama Kanta Dewri)।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details