অসম

assam

Lok Kalyan Divas: ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন

By

Published : Aug 6, 2023, 12:27 PM IST

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন

ধেমাজি, 5 আগষ্ট: শনিবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় লোক কল্যান দিৱস ৷ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পবিত্ৰ পুণ্য তিথি দিনটোক লোক কল্যান দিৱস হিচাপে দ্বিতীয় বাৰলৈ পালন কৰে ৰাজ্যবাসীয়ে ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগতো শনিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩তম মৃত্যু তিথি উপলক্ষে লোক কল্যাণ দিৱস পালন কৰে ৷ 

ধেমাজি জিলা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জিলা আয়ুক্ত অংকুৰ ভৰালী উপস্থিত থাকে  ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰা,জিলা পৰিষদৰ সভাপতি  মোহন গগৈ, জিলা নগৰ প্ৰাধিকৰনৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাৰ্ঘী, জিলা প্ৰশাসনৰ উচ্চ মূৰব্বী বিষয়াসকল আৰু বিভিন্ন বিষয়ৰ বিষয়া কৰ্মচাৰীসকল। এই অনুষ্ঠানতে ধেমাজি জিলাত লোক কল্যাণ বঁটা লাভ কৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ লক্ষীনাথ গগৈ আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তা কাৰ্যালয়ৰ কৰ্মচাৰী নিত্যানন্দ চেতিয়াই।

ABOUT THE AUTHOR

...view details