Silapathar: ভূগোল বিজ্ঞানত সৰ্বোচ্চ নম্বৰেৰে উজ্বলিল মেধাৱী ছাত্ৰ বিজয়াদিত্য চুংক্ৰাং

By

Published : Aug 5, 2023, 2:10 PM IST

Updated : Aug 7, 2023, 10:01 AM IST

thumbnail

জোনাই,5 আগষ্ট: ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে ধেমাজি জিলা চিলাপথাৰৰ এগৰাকী মেধাবী ছাত্ৰই । ৮৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বিজয়াদিত্য চুংক্ৰাঙে ভূগোল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।  

চিলাপথাৰ কুলাজানপামৰ গাঁৱৰ নিবাসী তথা ডিব্ৰু মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ঘনশ্যাম চুংক্ৰাঙ আৰু তেজস্বী চুংক্ৰাঙৰ কনিষ্ঠ পূত্ৰ বিজয়াদিত্য ৷ আনহাতে অলপতে অনুষ্ঠিত ইউ জি চি'ৰ নেট (NET) পৰীক্ষাক সফলতা লাভ কৰাৰ উপৰিও ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক অৰ্জন কৰাত উৎফুল্লিত পিতৃ-মাতৃ । ইফালে মেধাৱী ছাত্ৰ জনে ভৱিষ্যতে ভূগোল বিষয়টোত গৱেষণা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মেধাবী ছাত্ৰজনে ৷ 

লগতে পঢ়ক:Mission against Drugs: জোনাইত ড্ৰাগছ বিৰোধী অভিযানত আটক মহিলাসহ পাঁচ সৰবৰাহকাৰী

Last Updated : Aug 7, 2023, 10:01 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.