অসম

assam

Koch Rajbongshi Protest : কোচ ৰাজবংশীক অপমান কৰি ৰোষত পৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 4:10 PM IST

Updated : Oct 4, 2023, 5:26 PM IST

সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদ

মঙলদৈ, 04 অক্টোবৰ:মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে সাব্যস্ত হ’ল তীব্ৰ প্ৰতিবাদ ৷ সাংসদগৰাকীৰ বিৰুদ্ধে উক্ত প্ৰতিবাদ সাব্যস্ত কৰিলে কোচ ৰাজবংশীসকলে ৷ মঙলদৈৰ ৰামহৰিত দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে, দুদিনৰ পূৰ্বে ওদালগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ এখন দলীয় সভাত কোচ ৰাজবংশী নেতা তথা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱক সাংসদ দিলীপ শইকীয়াই অপদস্ত কৰাৰ উপৰিও তেওঁৰ বিৰূদ্ধে কটু মন্তব্য প্ৰদানৰ অভিযোগ উত্থাপিত হৈছিল, যাৰ বাবে জাঙুৰ খাই উঠে কোচ ৰাজবংশী লোকসকল ৷ সাংসদ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অতি সোনকালেই ক্ষমা খুজিবলৈ আহ্বান জনায় ৷ আনহাতে সমাগত 2024ৰ লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীৰ নেতা প্ৰণৱ নাৰায়ণ দেৱে বি জে পি দলৰ হৈ দৰং ওদালগুৰি সমষ্টিত টিকট বিচাৰিব বুলিও চৰ্চা চলিছে ৷ সেয়েহে একাংশই উক্ত সংঘাত নিৰ্বাচনকেন্দ্ৰিক বুলিও মন্তব্য আগবঢ়ায় ৷

Last Updated :Oct 4, 2023, 5:26 PM IST

ABOUT THE AUTHOR

...view details