অসম

assam

Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক নিচুকনি বঁটা দিয়াটো মানি ল'ব নোৱাৰো: নির্মল পায়েং

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:13 PM IST

আলি আয়ে লৃগাঙৰ বন্ধ বাতিলক লৈ প্ৰতিক্ৰিয়া

গুৱাহাটী ১০নৱেম্বৰ:মন্ত্রী পীযুষ হাজৰিকাই মিচিং অট'নমাচ কাউন্সিলৰ ১০খন অধ্যুষিত অঞ্চল আৰু ১০ খন জিলাত আলি আয়ে লৃগাঙত বন্ধ থাকিব বুলি ঘোষণা কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুব বাহিনীয়ে । শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নির্মল পায়েঙে কয় যে, জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ শ্ল'গান দি গঠন কৰা চৰকাৰখনে অসমৰ মিচিং ৰাইজক প্ৰতাৰণা কৰি আহিছে ।  

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল ফাগুনৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ আলি-আয়ে লৃগাঙৰ দিনা সমগ্ৰ অসমত চৰকাৰী বন্ধ পালন কৰা হওঁক । বিভিন্ন সময়ত চৰকাৰী পক্ষৰ বিভিন্ন নেতা-মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত মিচিং ৰাইজৰ আবেগ অনুভূতি আদায় কৰিবলৈ প্রতিশ্রুতি প্রদান কৰা সততে দেখা পোৱা যায় । আশা কৰা হৈছিল আলি-আয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণা কৰা হ'ব । কিন্তু অসম চৰকাৰে প্ৰকাশ কৰা এই বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাটো মিচিং ৰাইজৰ হেঁপাহৰ আলি-আয়ে লৃগাং বাদ পৰিল ।  

মাত্র ১০ খন জিলাত আলি আই লৃগাঙৰ বন্ধ ঘোষণা কৰা হ'ল । সেয়ে কোনোবা হয় হুজুৰ মিছিং প্ৰতিনিধিৰ হজম হলেও, এটা খিলঞ্জীয়া জনগোষ্ঠীক নিচুকনি বঁটা দিয়াটো মানি ল'ব নোৱাৰে বুলি উল্লেখ কৰে জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ কয় যে ললিপপ প্রদান কৰিছে বিজেপি চৰকাৰে । এয়া ঘোৰ অপমান । চৰকাৰখনে আলি-আয়ে লৃগাঙক কেলেণ্ডাৰত ঠাই নিদি বাটে-পথে আংশিক বন্ধ ঘোষণা কৰাটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন কৰে নির্মল পায়েঙে ।

লগতে পঢ়ক:Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

ABOUT THE AUTHOR

...view details