Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:09 PM IST

thumbnail

মাজুলী,১০ নৱেম্বৰ: অসম চৰকাৰে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাঙত চৰকাৰী বন্ধ বাতিল কৰাক লৈ সৰৱ হৈ পৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা সমিতি । অসম চৰকাৰে আলি আই লৃগাঙৰ বন্ধ বাতিল কৰি বৃহত্তৰ ভূমিপুত্ৰ মিচিং জনজাতিৰ ৰাইজক পুনৰবাৰ প্ৰতাৰিত কৰিছে বুলি মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাজুলী জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মিগম কুলিয়ে ।  

চৰকাৰে সকলো বিষয়ত ৰাজনীতি কৰাটো জাতিটোৰ বাবে ক্ষতিকাৰক আখ্যা দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাজুলী জিলা সমিতিয়ে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে কয় যিখন ৰাজ্যত ষট পূজাত চৰকাৰী বন্ধ দিয়ে সেইখন ৰাজ্যত ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ জাতীয় উৎসৱ আলি আই লৃগাঙত চৰকাৰী বন্ধ ঘোষণা নকৰাটো দুৰ্ভাগ্যজনক । এনেদৰে চৰকাৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰি আহিছে ।  

ইফালে এই সম্পৰ্কে মিচিং দল সংগঠন সমূহ নিমাত হৈ থকাক লৈ সৰৱ হোৱা দেখা গ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা সমিতি । গোটেই বিষয়টোত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে এইখন চৰকাৰ খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ নহয়, এই চৰকাৰ খিলঞ্জীয়া খাতিখোৱা জনতাৰ পৰিপন্থী ।  

লগতে পঢ়ক: Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.