ETV Bharat / state

Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:10 PM IST

Updated : Nov 4, 2023, 9:33 PM IST

Ali Aye Ligang Controversy
মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণ কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনী

ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সংবাদমেল ৷ অসমৰ ভূমিপুত্ৰ মিচিং ৰাইজক চৰকাৰে প্ৰতাৰণা কৰি আহিছে ৷ আলি আয়ে লৃগাঙৰ দিনটো চৰকাৰী বন্ধৰ দাবী ৷ এই দাবী জাতীয় যুৱ বাহিনীৰ ৷

মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণ কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

গুৱাহাটী, 4 নৱেম্বৰ : অসমৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশৰ পাচতে সৰৱ হৈ পৰিছে মিচিং জাতীয় সংগঠনসমূহ ৷ কাৰণ মিচিং জনগোষ্ঠীসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ দিনটো চৰকাৰী বন্ধৰ তালিকাত নাই ৷ সেয়ে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি শনিবাৰে জাতীয় যুৱ বাহিনীয়ে সম্বোধন কৰে এক সংবাদমেলৰ ৷

ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সম্পাদক নির্মল পায়েঙে কয়, ‘‘যি সময়ত বিজেপি চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষাৰ শ্লোগান দি চৰকাৰ গঠন কৰিছিল ৷ কিন্তু অসমৰ ভূমিপুত্ৰ মিচিং ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে ৷ মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে আলি আয়ে লৃগাঙৰ দিনটো সমগ্ৰ অসমত চৰকাৰী বন্ধ হিচাপে পালন কৰা হওঁক ৷ কিন্তু পুনৰ চৰকাৰে এইবাৰো চৰকাৰী বন্ধ ঘোষণা নকৰিলে ৷

তেওঁ কয়, ‘‘ নিজকে মিচিং জাতিৰ নেতৃত্ব বুলি ভাবি থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱ এইক্ষেত্ৰত কিয় নিমাত ! বিধায়ক ভূৱন পেগু, বিধায়ক ভূৱন গাম, বিধায়ক নৱ দলে এইক্ষেত্ৰত কিয় নিমাত ! বৰ্তমানৰ মন্ত্ৰী পেগুৱে মিচিং জনগোষ্ঠীক আৰ্থ-সামাজিক দিশত সৱল কৰিম বুলি এসময়ত আন্দোলনৰ নেতৃত্ব লৈছিল ৷ যি গৰাকী পেগুৱে মিচিং জনগোষ্ঠীটোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল সেই গৰাকী নেতা মন্ত্ৰী হোৱাৰ পাচত এতিয়া মিচিং সমাজৰ বাবে এষাৰ মতা মাত নাই ৷ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থতে মিচিং ৰাইজক ব্যৱহাৰ কৰিলে বৰ্তমানৰ মন্ত্ৰী পেগুৱে ৷ একাংশ মিচিং নেতাক নিজৰ হাতৰ মুঠিত ৰাখি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ যাৰ কাৰণে আজি মিচিং ৰাইজ অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে ৷’’

বৃহৎ নদী বান্ধৰ সন্দৰ্ভত তেওঁ কয়, ‘‘ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে এসময়ত ৰাজপথত আন্দোলন কৰিছিল ৰণোজ পেগুৱে ৷ সেই আন্দোলন কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে কৰা হৈছিল ৷ যি গৰাকী ৰণোজ পেগুৱে মিচিং জাতিটোক ৰাজপথলৈ উলিয়াই আনি ষষ্ঠ অনুসূচী প্ৰদান কৰিব লাগিবই বুলি আন্দোলন কৰিছিল ৷ সেইজনে আজি বিজেপি চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পাইছে ৷ মন্ত্ৰীৰ পাচত এতিয়া যেন পাহৰি গ'ল সকলো ৷’’

লগতে পঢ়ক:Development Projects in Assam: বহুচৰ্চিত কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতি ঘোষণা মুখ্যমন্ত্ৰীৰ

Last Updated :Nov 4, 2023, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.