ETV Bharat / state

Development Projects in Assam: বহুচৰ্চিত কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতি ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:31 PM IST

শনিবাৰে গুৱাহাটীত সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে কেইবাটাও বৃহৎ‌ প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৃত ৰূপৰেখা ৷ কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্প, ব্ৰহ্মপুত্ৰৰ তলেৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি সুৰংগ পথ নিৰ্মাণৰ প্ৰকল্প আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্প ৷

Press Meet of CM Himanta Biswa
বৃহৎ‌ প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৃত ৰূপৰেখা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 4 নৱেম্বৰ : অসমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত কেইবাটাও বৃহৎ‌ প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৃত ৰূপৰেখা শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন‌ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ৷ শৰ্মাই কয় যে অসমত বিশেষকৈ বহুত আকাংক্ষিত তিনিটা বৃহৎ প্ৰকল্প ৰূপায়নৰ পথ প্ৰশস্ত হৈছে ৷ এই বৃহৎ প্ৰকল্প তিনিটা হৈছে বহুত আকাংক্ষিত কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্প আৰু ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি 14.85 কিঃমিঃ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণৰ প্ৰকল্প ৷ লগতে আছে গুৱাহাটী ৰিং ৰোড প্ৰকল্প ৷

ব্ৰহ্মপুত্ৰৰ তলৰে সুৰংগ পথ-

ৰাজ্যখনত চৰ্চিত হৈ থকা বিষয় ব্ৰহ্মপুত্ৰৰ তলৰে গহপুৰৰ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 12 হাজাৰ কোটি টকাৰ অনুমোদন দিছে ৷ এই প্ৰকল্পটো ৰূপায়ণ কৰিব National Highways and Infrastructure Development Corporation( NHIDCL) এ ৷ উল্লেখ্য যে এই প্ৰকল্পটোৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব লুই বাৰ্জাৰ নামৰ আমেৰিকাৰ কোম্পানীয়ে ৷ এই প্ৰকল্পটোৰ Project management consultant (PMC) ৰ দায়িত্বও লুই বাৰ্জাৰক দিয়া হৈছে ৷

প্ৰকল্পটোৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতৰ বাবে 9 মাহৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ এই সুৰংগটোৰ নিৰ্মাণৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে 20 শতাংশ আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে 80 শতাংশ ধন বিনিয়োগ কৰিব ৷

কাজিৰঙা এলিভেটেড ৰোড-

মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে অহা বছৰ জানুৱাৰীত কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ লগে লগে কাম আৰম্ভ কৰা হ'ব এই প্ৰকল্পৰ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পটোয়ে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ‌ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷

এই এলিভেটেড কৰিডৰটো 35 কিলোমিটাৰ হ'ব ৷ তিনিখন উৰণ সেতু‌ আৰু দুটা টানেল নিৰ্মাণ কৰা হ'ব ৷ এই প্ৰকল্পটোৰ‌ বাবে 5,500 কোটি টকা নিৰ্দ্ধাৰণ কৰা‌ হৈছে ৷

গুৱাহাটী ৰিং ৰোড-

গুৱাহাটী ৰিঙ ৰোডটোৰ এটা অংশ বাইহাটা চাৰিআলিৰ পৰা মান্দাকাটা, কুৰুৱা, নাৰেংগী, চন্দ্ৰপুৰ হৈ সোনাপুৰলৈ যাব ৷ আকৌ আনটো অংশ সোনাপুৰৰ পৰা জালুকবাৰী হৈ বাইহাটা চাৰিআলিলৈ আহিব ৷ এই দুয়োটা অংশ লগ লগাই গুৱাহাটী ৰিঙ ৰোডটো হ'ব ৷

এই ৰিঙ ৰোডৰ বাইহাটা চাৰিআলিৰ পৰা মান্দাকাটা, কুৰুৱা, নাৰেংগী, চন্দ্ৰপুৰ হৈ সোনাপুৰলৈ যোৱা অংশ নিৰ্মাণ কৰা হ'ব ৷ আকৌ কুৰুৱা আৰু নাৰেংগীক সংযোগ কৰি লুইতৰ বুকুত এখন দলং নিৰ্মাণ কৰা হ'ব ৷ এই প্ৰকল্পটোৰ বাবে 5,800 কোটি টকা ধাৰ্য কৰা হৈছে। ৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে ৷ নিবিদাৰ প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ কৰা হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.