অসম

assam

Fire at Maran: মৰাণৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড, ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই চানি ধৰিছে সমগ্ৰ মৰাণ

By

Published : Nov 26, 2022, 11:06 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

ডিব্ৰুগড় জিলাৰ মৰাণৰ ডাম্পিং গ্ৰাউণ্ডত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire at Moran) । ইয়াৰ পাছতে মৰাণত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নিকাণ্ডৰ ধোঁৱা আৰু দুৰ্গন্ধই চানি ধৰে সমগ্ৰ মৰাণ । কোনো দুস্কৃতিকাৰীয়ে ডাম্পিং গ্ৰাউণ্ডত জুই লগাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ (Fire breaks out at Moran dumping ground)। অগ্নিনিৰ্বাপন বাহিনীৰ ৩ খনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাই যদিও এতিয়াও সম্পূৰ্ণকৈ নিৰ্বাপন হোৱা নাই জুই ৷ উল্লেখ্য যে, মৰাণত জাৱৰ নিষ্কাষণৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈ আহিছে । জাৱৰ উঠোৱাৰ নামত ঘৰে ঘৰে মাহেকত ১০০ টকাকৈ কৰ সংগ্ৰহ কৰি আহিছে যদিও আজিলৈকে জাৱৰ নিষ্কাষণৰ নামত কোনো ধৰণৰ সমাধান উলিয়াব পৰা নাই চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মৰাণ আৰু মাহমৰা প্ৰশাসনে । যাৰ বাবে এতিয়া সমস্যাত পৰিব লগা হৈছে জনসাধাৰণ ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details