অসম

assam

বিশ্বনাথত কাৰাগাৰৰ আৱাসীৰ মাজত কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 4:49 PM IST

হীৰালাল মোহিনী দেৱী চানচেটী ট্ৰাষ্টৰ বিশেষ পদক্ষেপ

বিশ্বনাথ, 21 ডিচেম্বৰ : বিশ্বনাথৰ হীৰালাল মোহিনী দেৱী চানচেটী ট্ৰাষ্টৰ উদ্যোগত বুধবাৰে বিয়লি জিলা কাৰাগাৰৰ আৱাসীসকলক কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ এই উপলক্ষে আয়োজিত এক সভাত বিশ্বনাথ জিলা কাৰাগাৰৰ অধীক্ষক জ্যোতি প্ৰসাদ ডেকাই বিশিষ্ট ব্যক্তি সকলক আদৰণি জনাই হীৰালাল মোহিনী দেৱী চানচেটী ট্ৰাষ্টৰ এই প্ৰচেষ্টাৰ শলাগ লয় ৷

এই সভাত অংশগ্ৰহণ কৰে কলকাতাৰ বিশিষ্ট ব্যৱসায়ী তথা হীৰালাল মোহিনী দেৱী চানচেটী ট্ৰাষ্টৰ মুখ্য ট্ৰাষ্টী প্ৰমোদ ডুগৰেই ৷ তেওঁ কাৰাবন্দী সকলৰ সহায়ক হোৱাকৈ এনে কল্যাণমূলক কাৰ্য সম্পাদন কৰাত আগ্ৰহী আৰু অদূৰ ভৱিষ্যতে বিশ্বনাথত ট্ৰাষ্টৰ দ্বাৰা ৰাইজৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণৰো পোষকতা কৰে ৷ সভাত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে কাৰাগাৰৰ আৱাসী সকলক সৎ পথত থাকি ভৱিষ্যতে সুনাগৰিক হোৱাৰ পৰামৰ্শ আগবঢ়ায় ৷

প্ৰাক্তন অভিযন্তা প্ৰমোদ পাঠক, প্ৰেছ ক্লাবৰ উপদেষ্টা বসন্ত বৰাই অনুষ্ঠানত বক্তব্য আগবঢ়ায় ৷ সহকাৰী জেইলাৰ ভাস্কৰ জ্যোতি নাথে আঁ‌ত ধৰা সভাত অতিৰিক্ত আয়ুক্ত পুষ্পাংকৰ পাতিৰ, হীৰালাল মোহিনী দেৱী চানচেটী ট্ৰাষ্টৰ ট্ৰাষ্টী অম্বুজ গুপ্তা, চন্দ্ৰ প্ৰকাশ দাচানী, মনোজ যোশীৰ লগতে ৱাৰ্ড কমিচনাৰ জীৱন দাস, বিশিষ্ট ব্যৱসায়ী বিক্ৰম ডুবে, প্ৰদীপ সিং, গৌতম দত্ত, সাংবাদিক বিনীত ঝা, জিলা কাৰাগাৰৰ গৌতম শৰ্মা, ট্ৰাষ্টৰ মুখ্য গাণনিক কৃষ্ণ শৰ্মা আদিয়ে সভাত অংশগ্ৰহণ কৰে ৷ 

লগতে পঢ়ক :৩১ ডিচেম্বৰত তেজপুৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details